newsnextone.com | ডিফুঃ বিজেপি শাসিত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এটা বছৰ সম্পূৰ্ণ কৰিলে৷ তুলিৰাম ৰংহাঙৰ নেতৃত্বৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ এটা বছৰ সম্পূৰ্ণ কৰাত পৰিষদৰ সচিবালয়ৰ সভাকক্ষত শনিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰ্ষপূৰ্তি উদযাপন কৰে৷ বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্য চৰকাৰ পাৰ্বত্য উন্নয়ণ মন্ত্ৰী চুম ৰংহাঙ, সন্মানীয় অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, বৈঠালাংছ সমষ্টিৰ বিধায়ক ডা০ মানচিং ৰংপি, বোকাজান সমষ্টিৰ বিধায়ক ডা০ নোমল মোমিন, হাওৰাঘাট সমষ্টিৰ বিধায়ক জয়ৰাম ইংলেং, পৰিষদৰ সকলো কাৰ্যবাহী সদস্য, সদস্য, পশ্চিম কাৰ্বি আংলং জিলাৰ বিজেপি সভাপতি অৰূণকুমাৰ তেৰাং, বিজেপিৰ ৰাজ্যিক উপ-সভাপতি সংখ্য ফাংচ’, জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্ত, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক ড০ জি ভি শিৱ প্ৰসাদ আৰু কাৰ্বি পৰিষদৰ বিভিন্ন সচিবসকল উপস্থিত থাকে৷
বৰ্ষপূৰ্তি অনুষ্ঠানৰ উদ্দেশ্যে বাখ্যা কৰে পৰিষদৰ প্ৰধান সচিব মহাদানন্দ হাজৰিকাই৷ কাৰ্বি পৰিষদৰ কৰ্মচাৰীসকলে এটি সমবেত সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানৰ আৰম্ভনিতেই অতিথিসকলক একোখনকৈ কাৰ্বি পহ’, টুপি, জেকেট আৰু বুকিৰে সম্বৰ্ধনা যাচে৷ বৰ্ষপূৰ্তি অনুষ্ঠানত ২৬ পৰিষদীয় সমষ্টিৰ এমএচিসকলে এবছৰীয়া কাৰ্যকালত ৰূপায়ণ কৰা কাম-কাজৰ সফলতাৰ ৰিপৰ্ট কাৰ্ড বুকলেট আকাৰে প্ৰকাশ কৰি ৰাইজৰ মাজত বিতৰণ কৰে৷