newsnextone.com | লংকাঃ হোজাই জিলাৰ লংকাৰ টেনটুলিত সোপাধৰাৰ সন্দেহত কোচবিহাৰৰ এজন যুৱকক আটক কৰা বুলি জানিব পৰা গৈছে৷ স্থানীয় ৰাইজে যুৱকজনক আৱদ্ধ কৰি গতাই দিয়ে আৰক্ষীক৷ যুৱকজনৰ নাম নিখিল বিশ্বাস৷ হোজাই জিলাৰ লংকা আৰক্ষী চকীৰ অন্তৰ্গত লস্কৰপথাৰৰ টেনটুলিত শুকুৰবাৰে নিশা সোপাধৰাৰ সন্দেহত ৰাইজে আৱদ্ধ কৰিছিল যুৱকজনক৷
জানিব পৰা মতে, শুকুৰবাৰে লংকাৰ এখন আলুৰ ব্যৱসায় প্ৰতিষ্ঠানত আলু দিবৰ বাবে AS-17-B-3734 নম্বৰ এখন ট্ৰাকত আলু লৈ দুজন যুৱক লংকালৈ আহিছিল৷ উক্ত ট্ৰাক খনৰ নিখিল বিশ্বাস আছিল হেণ্ডিমেন৷ পিছত আবেলি ট্ৰাকৰ চালক মনোৰঞ্জন বিশ্বাসে ট্ৰাকৰ হেণ্ডিমেন নিখিল বিশ্বাসক বজাৰ কৰিবলৈ লংকা বজাৰলৈ পঠিয়াই৷