newsnextone.com |  ওদালগুৰিঃ ডকাইত ধৰিবলৈ অভিযান চলাই সফল হ'ল ওদালগুৰি আৰক্ষী। ওদালগুৰি আৰক্ষীৰ এটা দলে যোৱা ৬ দিনেই অভিযান চলাই এটা ডকাইতৰ দলৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 

উল্লেখ্য যে, ওদালগুৰি জিলাৰ অম্বাগাঁৱৰ বটাবাৰী দলঙৰ সমীপত বিগত ২৩ জুলাইত দিন-দুপৰতে সংঘটিত হৈছিল এক ডকাইতি কাণ্ড। তেল ডিপো কৰ্মচাৰীৰ পৰা ধন লুটি নিছিল ডকাইতে। 

হৰিশিঙা তেল ডিপোৰ পৰা দুই কৰ্মচাৰীয়ে ৭.৭০ লাখ টকাসহ মটৰ চাইকেলেৰে ওদালগুৰিলৈ আহি আছিল। সেই সময়তে কৰ্মচাৰী দুজন আহি অম্বাগাঁৱৰ সমীপৰ বতাবাৰীৰ কাঠৰ দলংখন পোৱাৰ সময়তে মটৰ চাইকেলেৰে খাপ পিটি থকা দুৰ্বৃত্তই কৰ্মচাৰী দুজনৰ চকুত জলকীয়াৰ গুৰি ছটিয়াই। ফলত কৰ্মচাৰী দুজনে বাইক ৰখাবলৈ বাধ্য হয়। 

বাইক ৰখোৱাৰ পিছতে কৰ্মচাৰী দুজনৰ পৰা টকাখিনি কাঢ়ি দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইয়াৰ পাছত কৰ্মচাৰী দুজনে সমগ্ৰ ঘটনা আৰক্ষীৰ আগত অৱগত কৰে। আৰক্ষীয়ে দুৰ্বৃত্তক বিচাৰি ব্যাপক অভিযান আৰম্ভ কৰিছিল। শুকুবাৰে ২.১৩লাখ টকাসহ এজনক গ্ৰেপ্তাৰ কৰাৰ পাছত শনিবাৰে নিশা ওদালগুৰি সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ণ পটঙ্গীয়াৰ সৈতে এটা বিশেষ দলে ওদালগুৰিৰ বিভিন্ন অঞ্চলত অভিযান চলাই ৰাজেশ দৈমাৰী নামৰ আন এজন লোকক আটক কৰে। 

আটকাধীন দৈমাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ বাসগৃহৰ পৰা ১.৩৫ লাখ টকা জব্দ কৰে। ইফালে আৰক্ষীয়ে ঘটনাত জৰিত আন দুজন লোক ৰঞ্জিৎ বাগলাৰী আৰু লিহু ৰাভাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। বৰ্তমান পৰ্যন্ত লুটি নিয়া ৭.৭০ লাখ টকাৰ ভিতৰত ওদালগুৰি আৰক্ষীয়ে ৩.৪৮ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও অতি শীঘ্ৰে আন দুই ডকাইতসহ টকা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে।

 উল্লেখ্য যে, পলাতক ৰঞ্জিৎ বাগলাৰী তেল ডিপোটোৰ সৈতে জৰিত ব্যক্তি বুলি জানিব পৰা গৈছে।