newsnextone.com | সৰুপথাৰঃ পুনৰ এগৰাকী যুৱকৰ ৰহস্যজনক ভাৱে বহিঃৰাজ্যত মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাটত। ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ ২নং দয়ালপুৰৰ টংক বাহাদুৰ থাপা নামৰ যুৱকজনৰ কেৰেলাত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে যুৱকজনৰ মৃতদেহ নিজ ঘৰলৈ আহি পোৱাত শুকুৰবাৰে শেষকৃত্য সম্পন্ন কৰা বুলি জানিব পৰা যায়।
উৰিয়ামঘাটৰ ২নং দয়ালপুৰ গাঁৱৰ ভীম বাহাদুৰ থাপাৰ পুত্ৰ টংক বাহাদুৰ থাপাই কেৰেলাৰ কাণিয়াৰ জিলাৰ এটি ব্যক্তিগত কোম্পানীত কৰ্মৰত অৱস্থাত ৰহস্যজনক ভাৱে দুৰ্ঘটনা পতিত হৈ মৃত্যু মুখত পৰা বুলি অৱগত হয় পৰিয়ালে। কিন্তু প্ৰকৃত ঘটনা সেই বিষয়ে অৱগত নহয় পৰিয়াল।