লংকাঃ বি.এড ডিগ্ৰীৰ ভুৱা ছাৰ্টিফিকেট সংগ্ৰহ কৰিবলৈ আহি আজি লংকা আৰক্ষীৰ জালত পৰে বহিঃৰাজ্যৰ এজন যুৱক। এই ঘটনাই সমগ্ৰ লংকা চহৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বি এডৰ ভুৱা প্ৰমাণপত্ৰ নিবলৈ আহি আৰক্ষীৰ জালত পৰা এই যুৱকজন হৈছে কোচবিহাৰৰ গৌতম সাহা।
প্ৰাপ্ত খবৰ অনুসৰি, গৌতম সাহা নামৰ কোচবিহাৰৰ যুৱকজন আজি লংকা কৃষ্ণ বৰা বি.এড কলেজলৈ আহিছিল নিজৰ বি.এড পৰীক্ষাৰ ৰোল নং: ১০৪৮৬৩ ৰ ৰেজিচষ্ট্ৰেচন নম্বৰ জি এউ বি ই ডি ৭৯৮৯৬০ মাৰ্কচিটখন লৈ। উদ্দেশ্য আছিল মাৰ্কশ্বিট দেখুৱাই বি.এডৰ চাৰ্টিফিকেট সংগ্ৰহ কৰা। এই অনুযায়ী কলেজৰ অধ্যক্ষক মাৰ্কশ্বিটখন দেখুৱাই য়ুৱকজনে। অধ্যক্ষ মোস্তাফিজুৰ ৰহমানে মাৰ্কশ্বিটখন চোৱাৰ পিছতে পোহৰলৈ আহে জালিয়াতি কাণ্ডৰ কথা।