newsnextone.com | কোকৰাঝাৰঃ উৎকট গৰমে দহিছে ৰাজ্য। প্ৰচণ্ড গৰম সহিব নোৱাৰি এগৰাকী আৰক্ষীৰ জোৱানৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী জোৱান চিকিৎসাধীন হ’বলগীয়া হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কোকৰাঝাৰত৷ 

জানিব পৰা মতে, তিনিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ আৰু ধুবুৰী ভ্ৰমণৰ কৰা ৰাজ্যপাল জগদীশ মুখীৰ ভ্ৰমণৰ অন্তিম দিন শুকুৰবাৰে কোকৰাঝাৰৰ জিলা উপায়ুক্তৰ সৈতে নিৰাপত্তা দি থকা অৱস্থাতে অসম আৰক্ষী জোৱান ভদ্ৰসিং নাৰ্জাৰীয়ে প্ৰচণ্ড গৰম সহিব নোৱাৰাত ঢলি পৰে৷ ফলত আৰক্ষী জোৱান ভদ্ৰসিং নাৰ্জাৰীক কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰিবলৈ অনা হয় যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে। মৃত জোৱান গৰাকী বঙাইগাঁও মেচপাৰাৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে৷

আনহাতে আক্ৰাছুৱে আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ সময়ছোৱাত নিৰাপত্তা দি থকা সময়তে কোকৰাঝাৰ চহৰৰ মোকৰাপাৰাত প্ৰচণ্ড গৰম সহিব নোৱাৰি লাল মোহন বৰ্মন নামৰ আন এজন আৰক্ষী জোৱান অসুস্থ হৈ পৰাত জোৱানজনক কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ গৰমত অসুস্থ হৈ চিকিৎসাধীন হৈ থকা জোৱানগৰাকী ধুবুৰী জিলাৰ শালকোচাৰ অন্তৰ্গত শ্ৰীগ্ৰামৰ বাসিন্দা বুলি জানিব পৰা গৈছে।