নলবাৰীঃ কেন্দ্ৰ-ৰাজ্যত কংগ্ৰেছৰ শাসনৰ কাৰ্য কালত বিজেপিৰ কেইবাগৰাকী নেতাই ডিঙিত পিয়াজৰ মালা লৈ মুল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্য খনৰ বিজেপি নেতা বিজয়া চক্ৰবৰ্ত্তী, প্ৰশান্ত ফুকনে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল৷
এতিয়া সময়বোৰ ওলোটা হ’ল৷ এতিয়া শাসনৰ গাডীত বহিল বিজেপি৷ এইবাৰ ডিঙিত পিয়াজ-আলুৰ মালা লৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ দলে৷ নলবাৰী জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত নৃত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে নলবাৰী চহৰত সোমাবৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।