মোৰাঝাৰঃ হোজাই জিলাৰ পৰা আন জিলালৈ আৰু আন জিলাৰ পৰা হোজাই জিলালৈ যাতায়াতৰ বাবে হোজাই জিলা প্ৰশাসনে অনলাইনযোগে অনুমতিৰ ব্যৱস্থা কৰিছে। আজি হোজাইৰ অতিৰিক্ত উপায়ুক্তই এক প্ৰেছ বিবৃতিযোগে সদৰী কৰা মতে, অসম চৰকাৰৰ এক নিৰ্দেশনা মৰ্মে হোজাই জিলা প্ৰশাসনে জিলাবাসী ৰাইজক চৰ্তসাপেক্ষে অহা ২৫ ,২৬ আৰু ২৭ এপ্ৰিললৈকে যাতায়াতৰ বাবে অনলাইনযোগে অনুমতি প্ৰদানৰ ব্যৱস্থা কৰিছে।

বিবৃতিত উল্লেখ কৰা মতে, হোজাই জিলাৰ বাবে যান-বাহন চলাচলৰ ই-পাছৰ অনুমতি ল'বলৈ চৰকাৰী পৰ্টেল hojai.assam.gov.in ত আবেদন কৰিব লাগিব আৰু ই-পাছৰ অনুমতি কেৱল মাত্ৰ এটা পথেৰে এবাৰৰ বাবেহে চলাচলৰ অনুমতি দিয়া হ'ব ৷ চিকিৎসাধীন ৰোগীৰ ক্ষেত্ৰত আন জিলাৰ পৰা নিজৰ গৃহ জিলালৈ অহা আৰু চিকিৎসাৰ বাবে নিজৰ গৃহ জিলাৰ পৰা অন্য জিলালৈ যোৱাৰ বাবে বৰ্তমান অৱস্থানৰত ঠাইৰ পৰা সংশ্লিষ্ট জিলা উপায়ুক্তৰ ওচৰত ই-পাছৰ বাবে আবেদন কৰিব লাগিব ৷

এই ক্ষেত্ৰত ৰোগী ৰোগীৰ সহকাৰী আৰু গাড়ীৰ চালকৰ বাহিৰে অন্য কোনো যাত্ৰীক যাতায়াতৰ অনুমতি দিয়া নহ'ব বুলিও বিবৃতিটোত কোৱা হৈছে ৷ যদি ৰোগীজন চিকিৎসালয়ত ভৰ্তি হৈ থাকে তেনেহলে ৰোগীৰ সহকাৰী আৰু গাড়ী চালকজনে ঘূৰি অহাৰ সময়ত ৰোগীৰ চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰমাণ পত্ৰ লগত লৈ আহিব লাগিব।

অনহাতে, অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ গৃহ জিলালৈ আহিব বিচাৰিলে তেওঁলোকে ১০৪ হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰিব। একেদৰে চৰকাৰী কৰ্মচাৰীসকলে নিজৰ কৰ্মস্থলীলৈ আহিব বিচাৰিলে ১০৪ হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰিব বা তেওঁলোকৰ ব্যক্তিগত বাহন একে পথেৰে এবাৰৰ বাবে চলাচলৰ অনুমতি দিয়াৰ ব্যৱস্থা কৰা হ'ব ৷

যিসকল শ্ৰমিকে যাতায়ত কৰিব বিচাৰে, এই ক্ষেত্ৰত সংশ্লিষ্ট শ্ৰমিক নিয়োগকাৰী সকলে শ্ৰমিকসকলৰ পৰিবহণৰ বাবে বৰ্তমানৰ অৱস্থানৰ প্ৰশাসনৰ পৰা নিৰ্দিষ্ট বাহনৰ ই-পাছৰ বাবে আবেদন কৰিব পাৰিব বুলি বিবৃতিটোত উল্লেখ কৰিছে।