নগাঁওঃ নগাঁৱৰ সাংবাদিক সকলৰ উদ্যোগত একাদশ বাৰ্ষিক সদৌ নগাঁও ৰঙালী বিহু উৎসৱৰ সোমবাৰে সামৰণি পৰিব৷ সামৰণি অনুষ্ঠানত লোক-কৃষ্টিৰ সমাহাৰে হাজাৰ হাজাৰ বিহুপ্ৰেমীক মুগ্ধ কৰে। নগাঁও চহৰৰ কলঙৰ বাকৰি নেহেৰুৱালিত আয়োজন কৰা ৰঙালী বিহুত দেওবাৰে সন্ধিয়া হুঁচৰিৰ পাছত সোমবাৰে পুৱা নেহৰুবালিৰ বিহুতলীত বিহু পতাকাৰে কাৰ্যসূচীৰ পাতনি মেলা হয়। বিয়লি ৫বজাত বিহুতলীৰ প্ৰতিকী গছত পৰম্পৰাগত ভাবে সেৱা আগবঢ়ায় গামোচাৰ বান্ধে বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি মুনীন্দ্ৰ শইকীয়াই।
ইয়াৰ পিছতেই মুকলি বিহু আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিশিষ্ট লোক কৃষ্টিৰ সাধক বিষ্ণুৰাম মেধিয়ে। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷ বিহুতলীত উদীয়মান শিল্পী জাগৃতি কলিতাৰ একক ঢোল বাদন, ঠেংকুচিৰ তিৱা বিহু দল, নবৰং সাংস্কৃতিক গোষ্ঠীৰ বিহু দল, গুৱাহাটীৰ মেজাংকৰি মেঘমল্লাৰ বিহু দল, মৰিগাঁৱৰ ঢোলবিৰি সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ বিহু দল, বেলগুৰিৰ বড়ো কৃষ্টি বিকাশ সাংস্কৃতিক দল, চৰাইদেউ বিহু দল আৰু মৰিগাঁৱৰ বাংঠাই তিৱা বিহু দলৰ নৃত্যই কেইবাঘন্টাধৰি দৰ্শকক মুগ্ধ কৰে। বিশেষকৈ মেজাংকৰি বিহু দলৰ নৃত্য শৈলী আৰু বাদ্যযন্ত্ৰৰ পৰিবেশন অতি সুন্দৰ।