65
গুৱাহাটীঃ একাধিক খেলি-মেলিৰে ভাৰাক্ৰান্ত গুৱাহাটী বিশ্ববিদ্যালয়। কেতিয়াবা যদি পৰীক্ষা পদ্ধতিৰ আঁসোৱাহক লৈ ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন চলাবলগীয়া হৈছে, আন কেতিয়াবা আকৌ পৰীক্ষাৰ মাচুল বৃদ্ধিৰ বিৰোধিতা কৰিবলৈ বাধ্য হৈ পৰিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল।
এনেধৰণৰ হাজাৰ-বিজাৰ খাম-খেয়ালিৰ মাজতে পোহৰলৈ আহিছে বিশ্ববিদ্যালখনৰ বহী পুনৰীক্ষণ বিভাগৰ দায়িত্বহীনতা। ১৪ বাৰকৈ তাত-বাতি কাঢ়িও সুফল নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে বিভাগটোৰ বিৰুদ্ধে।