মঙলদৈঃ ক্ৰমান্বয়ে লোপ পাবলৈ ধৰা দৰঙী কলা কৃষ্টি সমূহক ভাৰ্স্কয্য আকাৰত অংকন কৰি নৱপ্ৰজন্মৰ মাজত চিনাকী কৰাই দিয়াৰ প্ৰয়াস কৰি মঙলদৈত নিৰ্মাণ কৰা হ’ল ‘ঐতিহ্যমণ্ডিত দ্যৌৰাংগ’ নামেৰে এখন শিল্প ক্ষেত্ৰ৷
মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে বিধায়ক পুঁজিৰ পৰা আৱন্টন কৰা ১০ লাখ টকা ব্যয় সাপেক্ষে দৰঙী কলা-কৃষ্টিক ভাস্কৰ্যৰূপত সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে শিল্প ক্ষেত্ৰখনিৰ নিৰ্মাণ কৰা হৈছে৷ আনফালে এই শিল্প ক্ষেত্ৰখনৰ লগত সংগতি ৰাখি বিশিষ্ট সংগীতশিল্পী জয়ন্ত হাজৰিকাৰ স্মৃতিত সাজি উলিওৱা হৈছে এখন আটক ধুনীয়া উদ্যান৷