ডংকামোকামত প্ৰধানমন্ত্ৰী কুশল কেন্দ্র উদ্বোধন কৰিলে তুলিৰামে

Home ৰাজ্যডংকামোকামত প্ৰধানমন্ত্ৰী কুশল কেন্দ্র উদ্বোধন কৰিলে তুলিৰামে

ডংকামোকামত প্ৰধানমন্ত্ৰী কুশল কেন্দ্র উদ্বোধন কৰিলে তুলিৰামে

by News Desk
47 views
A+A-
Reset

খেৰণিঃ কাৰ্ব আংলংৰ ডংকামোকামৰ তাৰালাংছত প্ৰধানমন্ত্ৰী কুশল কেন্দ্রৰ শনিবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ৰাষ্ট্রীয় স্কীল ডেভেলপমেন্ট কৰ্পোৰেশ্যনৰ অধিনত স্থাপন কৰা কেন্দ্রটোৰ শুভ উদ্ধোধন অনুষ্ঠানত প্ৰাক্তন বিধায়ক হলিৰাম টেৰাঙ, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় সদস্য পৱন কুমাৰ, পৰিষদীয় বিথুং-ৰেংথেমা সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ৰামচন ৰংপি, বন বিষয়া ধনসিং টেৰাং, ৰংখাং উন্নয়ন খণ্ডৰ খণ্ড বিষয়া শশীকান্ত তিমুঙৰ লগতে বৃহত্তৰ অঞ্চলটোৰ শতাধিক লোক উপস্থিত থাকে।

উদ্ধোধন কৰি তুলিৰাম ৰংহাঙে বৰ্তমান সময়ত সমগ্ৰ অসমতে যিটো হাৰত শিক্ষিত নিবনুৱা সংখ্যা বৃদ্ধি পায় আহিছে, সেই হাৰৰ সংখ্যাত কিছু পৰিমাণে হলেও প্ৰভাৱ পেলাব প্ৰধানমন্ত্ৰী কুশল কেন্দ্রই। কাৰণ এই কেন্দ্ৰৰ জড়িয়তে নৱ-প্ৰজন্মক কাৰিকৰী শিক্ষা, বৃত্তিমুলক শিক্ষা, প্ৰশিক্ষণ আদি প্রদানেৰে উপাৰ্জনমুখী হোৱাৰ লগতে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত জ্ঞান বিলোৱাৰ উদ্যোগ লৈছে এই কেন্দ্ৰই। যাৰ ফলশ্ৰুতিত ই অনাগত দিনত নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এক সুকীয়া আৰু গুৰুত্ত্বপূৰ্ণ প্ৰভাৱ পেলাব কাৰ্বি আংলঙত। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদীয় বিথুং-ৰেংথেমা সমষ্টিৰ অন্তৰ্গত কেবাটাওকৈ স্থানত এম জি এনৰেগা আঁচনিৰ অধিনত পথ, পুখুৰী, বজাৰ গৃহ আদিৰ আধাৰশিলা স্থাপন কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0