অৱশেষত পেহেলগামত পাক সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে ভাৰতে। মঙলবাৰে নিশাৰ ভাগত ‘অপাৰেশ্যন সেন্দূৰ’ শীৰ্ষক এক বিশেষ অভিযানেৰে সন্ত্ৰাসবাদীক যোগ্য প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাই।
ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে বুধবাৰে এক বিবৃতিত কয় যে সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ মুঠ ৯ টাকৈ স্থানত লক্ষ্য কৰি লয়। পাকিস্তানী সেনাৰ প্ৰবক্তা লেফটেনেণ্ট জেনেৰল আহমদ শ্বৰিফ চৌধুৰীয়ে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে ভাৰতৰ বিমান আক্ৰমণ আৰু নিয়ন্ত্ৰণ ৰেখাৰ সমীপত হোৱা গুলীয়াগুলীত এতিয়ালৈকে ২৬ জন লোক নিহত হৈছে আৰু আহত হৈছে ৪৬ জনকৈ লোক।