newsnextone.com | ওৰাংঃ ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলাই জালনোটৰ ব্যৱসায় কৰা দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়৷ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত পাঁচালি গাঁৱৰ আজিবুৰ ৰহমান আৰু আবুল কাছেম ওৰফে বাদশ্বাহ নামৰ যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

আৰক্ষীয়ে এটি গোপন খবৰৰ ভিত্তিত দীৰ্ঘদিন ধৰি জাল নোটৰ ব্যৱসায় কৰি অহা যুৱক দুজনক জালত পেলায়। জানিব পৰা মতে, আজিবুৰ আৰু আবুলে কোনো লোকক বিক্ৰী কৰিবলৈ তিনি কোটি জালনোট সাঁজু কৰে৷ প্ৰকৃততে টকা বনোৱাৰ নামত এক ভুৱা কাণ্ড সংঘটিত কৰি বহু লোকক ঠগাই আহিছে দুয়ো যুৱকে৷

৫০০ টকীয়া জালনোট তিনি কোটি টকা পৰ্যন্ত সাঁজু কৰিছিল দুয়োজনে৷ কোনো লোকে দুই এদিনৰ ভিতৰতে টকা খিনি নিব অহাৰ কথা আছিল৷ আনহাতে মাথো ৪-৫ হাজাৰ প্ৰকৃত টকাত কলা ৰং সানি সাঁজু কৰি ৰাখে৷ গ্ৰাহকে আহিলে প্ৰকৃত টকাখিনি পৰিষ্কাৰ কৰি পানীৰে ধুই দেখুওৱাৰ লগতে তেওঁলোকৰ পৰা কিনি নিয়া টকাসমূহ এনেদৰে ধুই দিয়াৰ পিছত বজাৰত চলিব বুলি কথা দিয়ে৷ 

টকা সমূহ তেওঁলোকে বিশেষ মেচিনত মুদ্ৰিত কৰে বুলি কয়৷ গ্ৰাহকক আচল নোট সমূহ ধুই চাফা কৰি দেখুৱাই বাকী নোট সমূহ তিনি কোটি পৰ্যন্ত বজাৰত চলিব বুলি কয়৷ প্ৰকৃততে সেই সমূহ কাগজহে৷ 

এনেদৰেই পৰিকল্পনা কৰি জাল নোটৰ সৰবৰাহ কৰি ব্যৱসায় কৰি অহাৰ ষড়যন্ত্ৰ ফাদিল হ’ল। উল্লেখ্য যে, আৰক্ষীয়ে দুয়ো যুৱকক সোধ-পোছ অব্যাহত ৰাখিছে।