ওৰাঙত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা 

newsnextone১০অক্টোবৰ,ওৰাংঃ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কছাৰী ভেটি টোপ গাঁৱৰ ছুফিয়া খাটুন নামৰ মপিলাএগৰাকীক তেঁওৰ স্বামী মফিদুল ইছলামে জ্বলাই দিয়া ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । উল্লেখযোগ্য যে প্ৰায় এপষেক পূৰ্বে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এটি শিশুসন্তান জন্ম দিয়া মাতৃ গৰাকীক স্বামীয়ে টকা পইচা সা-সম্পত্তি দাবী কৰি নৃশংসভাৱে জ্বলাই হত্যা কৰিবলৈ কুন্ঠাবোধ নকৰা মফিদুলে নবজাতক শিশুটিকো হত্যা কৰাৰ ভাবুকি দিয়ে বুলি ছুফিয়াৰ জ্যেষ্ঠ ভাতৃয়ে অভিযোগ কৰে । 

সম্প্ৰতি অগ্নিদগ্ধ ছুফিয়া খাটুনক (২৪) তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হৈছে । ইতিমধ্যে ছুফিয়াৰ জ্যেষ্ঠ ভাতৃয়ে ওৰাং আৰক্ষী থানাত মফিদুলৰ বিৰুদ্ধে  এজাহাৰ দাখিল কৰিছে ।
(অতি বেয়াকৈ অগ্নিদগ্ধহোৱাৰ কাৰনে মহিলাগৰাকীৰ ফটো প্ৰচাৰ কৰিব পৰা নগ’ল)