ওৰাংঃ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত চমুৱাগাঁৱৰ নিবাসী ৰোহিণী চৌধুৰীৰ তামোল বাৰীত এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ওৰাঙত চাঞ্চল্যৰ সৃষ্টি কৰিছে। শুকুৰবাৰে দুপৰীয়া গৃহস্থই নিজৰ তামোল বাৰীখনত তামোল পাৰিবলৈ দিনমজুৰি কৰা লোকক বাৰীখনলৈ পঠিয়াইছিল।
বাৰীত তামোল পাৰিবলৈ যোৱাত তাত মৃতদেহ প্ৰত্যক্ষ কৰাত হুৱাদুৱা লাগে। ৰঙা কামিজ আৰু ক’লা পেন্ট পৰিহিত লোকজনক বৰ্তমানেও চিনাক্ত কৰা হোৱা নাই। ঘটনাৰ খবৰ পোৱাৰ পাছত ওৰাং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গগন চন্দ্ৰ ডেকাই ঘটনাস্থলীত উপস্থিত হয়৷
দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ ব্যৱস্থা কৰে৷ মৃতদেহটো চাৰি-পাঁচ দিনৰ আগৰ বুলি অনুমান কৰা হৈছে। আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে ওৰাং থানাত বৰ্তমানলৈকে কোনো লোক নিৰুদ্দেশ হোৱাৰ এজাহাৰ দাখিল হোৱা নাই। আনহাতে মৃত লোকজন তামোল গছৰপৰা পৰি মৃত্যু হোৱা বুলি স্থানীয় লোকে ধাৰণা কৰিছে।