newsnextone.com | ওৰাংঃ এনআৰচিৰ উন্নীতকৰণৰ কাম অন্তিম পৰ্যায়ৰ দিশে আগবঢ়াৰ লগে লগে ব্যস্ততা বাঢ়িছে প্ৰশাসনৰ। তাৰ মাজতে দেওবাৰে ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত জংগল ব্লকত আবেলি ৪ বজাৰ পৰা জংঘল ব্লক প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বিভিন্ন ধৰ্মাৱলম্বী তথা জাতি-জনগোষ্ঠীৰ ৰাইজৰ মাজত সজাগতা আৰু অপপ্ৰচাৰ নিৰ্মূল কৰাৰ উদ্দেশ্যে সভা অনুষ্ঠিত কৰা হয়।
কোচ ৰাজবংশী, সংখ্যালঘূ, হাজং সম্প্ৰদায়ৰ লোকে বাস কৰা ৰাইজৰ মাজত এন আৰ চি সম্পৰ্কে সজাগতা সৃষ্টি বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হয়। অঞ্চলবাসী ৰাইজৰ মাজত এন আৰ চিৰ পিছত যেন কোনো ভয়-শংকা আদিৰ সৃষ্টিৰ জৰিয়তে দুষ্টচক্ৰই অশান্তি পৰিবেশ সৃষ্টি নকৰে তাৰ বাবে ৰাইজক সজাগ কৰাৰ চেষ্টা চলায়৷