newsnextone.com | ওৰাংঃ এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাজত মাথো কেইটামান ঘণ্টা বাকী। ৩০ জুলাইত এনআৰচি কৰ্তৃপক্ষই প্ৰকাশ কৰিব এনআৰচিৰ সম্পূৰ্ণ খচৰা। ইতিমধ্যে এই ক্ষণলৈ বাট চাই ৰৈছে। ইপিনে খচৰা প্ৰকাশৰ পিছত ৰাজ্য যাতে কোনো অসুস্থ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ দল-সংগঠনে কাম কৰি থকা পৰিলক্ষিত হৈছে৷ সমানে ৰাজ্যৰ প্ৰশাসনেও অব্যাহত ৰাখিছে এই চেষ্টা৷
৩০ জুলাইত নাগৰীক পঞ্জী উন্নীতকৰণৰ খচৰা প্ৰকাশ পাব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এনআৰচিৰ খচৰা প্ৰকাশৰ কাম দ্ৰুত গতিত আগবাঢ়িছে ওদালগুৰি জিলাতোঁ।