newsnextone.com | ওৰাংঃ পৰিবেশ দিৱসত বৃক্ষৰোপন কৰি ফটো উঠিলেও বন বিভাগে একাংশ লোকে প্ৰকৃততে বনজ সম্পদ ৰক্ষা কৰিব খোজা দেখা নাযায়৷ কিয়নো আজিও ৰাজ্যৰ বিভিন্ন ঠাইত পাহাৰৰ গছ-গছনি কাটি তহিলং কৰাৰ লগতে নৈৰ বুকু খান্দি শিল-বালিৰ ব্যৱসায় চলাই আহিছে৷ এই অভিযোগ ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন দল-সংগঠনে উত্থাপন কৰে৷
তাৰ মাজতে ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিলত মাজবাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে ভৈৰৱকুণ্ডৰ পৰা শিল কঢ়িয়াই অনা এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি অঞ্চলটোত নৈৰ বুকুৰ পৰা অবৈধ শিল-বালিৰ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হয়৷ বন বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে এএচ-২৭-চি-০৫৪৩ নম্বৰৰ ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয়৷ ওৰাঙৰ এটা ক্ৰেচাৰৰ বাবে ভৈৰৱকুণ্ডৰ পৰা শিল কঢ়িয়াই আনিছিল ট্ৰাকখনে৷