73
ওৰাংঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰপৰা ওলাই অহা এটা প্ৰকাণ্ড ঢেঁকীয়াপটীয়া বাঘে জনঅৰণ্যত প্ৰৱেশ কৰাত ওৰাংবাসী আতংকিত হৈ পৰিছে।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰপৰা বিগত বছৰত এটা বাঘ ওলাই আহি ধনশ্ৰী নৈৰ আশেপাশে জনাঞ্চলৰ সমীপত অৱস্থান কৰিছিল। আন এটা বাঘ পাঁচনৈ নৈৰ দাঁতিকাষৰীয়া অঞ্চলত বিচৰণ কৰিছিল। পৰৱৰ্তী সময়ত বাঘটো ওৰাঙৰ গাঁওসমূহত প্ৰৱেশ কৰাৰ ফলত ৰাইজৰ মাজত হুৱা-দুৱা লাগে।