ডিমৌঃ দিশহাৰা এগৰাকী কিশোৰী ৷ দৰিদ্ৰ পৰিয়ালৰ কিশোৰীগৰাকীয়ে পৃথিৱীত চকু মেলিয়েই দেখিছিল এটি ভগা পঁজা আৰু দৰিদ্ৰ পিতৃ-মাতৃৰ হাড় ভগা সংগ্ৰাম ৷ পিতৃ-মাতৃয়ে এসাঁজ ভাতৰ বাবেই দিনৰ দিনটো পৰিশ্ৰম কৰি কপালৰ ঘাম মাটিত পেলাই জীৱন সংগ্ৰাম কৰা তাই প্ৰত্যক্ষ কৰিছিল৷

দৰিদ্ৰ পিতৃ-মাতৃহালে আন দহগৰাকী পিতৃ-মাতৃৰ দৰেই তেওঁলোকৰ কন্যাসন্তানটিকো পঢ়াই-শুনাই ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল৷ বিধিৰ কি বিপাক, দুৰ্ভগীয়া কিশোৰীগৰাকীক এৰি এই পৃথিৱীৰ পৰা মেলানি মাগিলে পিতৃ-মাতৃয়ে৷ ১০ বছৰীয়া দিশহাৰা কিশোৰীগৰাকীয়ে দুখীয়া পিতৃ-মাতৃৰ সপোন বাস্তৱত ৰূপায়ণ কৰিব বিচাৰে৷ দুৰ্ভগীয়া কিশোৰীগৰাকী যমুনা তাঁতী৷ যমুনা তাঁতীয়ে পঢ়ি-শুনি ডাঙৰ মানুহ হ’ব বিচাৰে৷

ডিমৌৰ কাষৰীয়া ধেমেচী গাঁও পঞ্চায়তৰ অন্তৰ্গত দিখাৰী চাহ বাগিচাৰ ১নং বৰলাইনত ঘৰ দুৰ্ভগীয়া কিশোৰী যমুনাৰ। যমুনাই হেৰুৱায় পিতৃ-মাতৃক। পহিলা মাঘত হোৱা এক অগ্নিকাণ্ডত যমুনাই হেৰুৱালে মাতৃ ফুলিমণি তাঁতীক তাৰ চাৰি দিন পূৰ্বে হেৰুৱায় পিতৃ শিবু তাঁতীক। এতিয়া নিঠৰুৱা যমুনাৰ কোনো নাই। ঘৰটোও জাহ গ’ল অগ্নিকাণ্ডত। ফলত জ্বলি ছাই হ'ল তাইৰ কিতাপ-পত্ৰ, সাজ-পোছাক সকলো।

এতিয়া কেৱল বেদনাৰে ভাৰাক্ৰান্ত যমুনাৰ জীৱন। এতিয়া এইগৰাকী যমুনাই দিন পাৰ কৰে সম্পৰ্কীয় পেহীয়েকৰ ঘৰত। ডিমৌ শান্তিপুৰ কমল বৰা প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী যমুনাই যোৱা মাঘ বিহুৰ পৰা বিদ্যালয়লৈ যোৱা নাই। কিন্তু তাই বিদ্যালয়লৈ যাবলৈ মনত পুহি ৰাখিছে অদম্য হেঁপাহ। বিদ্যালয়লৈ নগ’লেও তাই সহপাঠীৰ পৰা কিতাপ আনি ঘৰতে পঢ়িছে।

পিতৃ-মাতৃক হেৰুৱাই তাই জুপুৰি ঘৰটোকে স্মৃতি হিচাপে আঁকোৱালি লৈছে। বৰষুণৰ পানীয়ে ঘৰৰ মজিয়া তিয়াই পেলালেও তাই নিজৰ ঘৰখন সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰিছে। এতিয়া তাইৰ ঘৰত আছে এটি মাটিৰ চাকি আৰু পিতৃক শ্ৰদ্ধা জনাই আগবঢ়োৱা কিছু নৈবেদ্য।

দুচকুত অযুত সপোন কঢ়িয়াই ফুৰা যমুনাক লাগে শিক্ষা গ্ৰহণ কৰিবলৈ কাৰোবাৰ অকণমান সহায়৷ কোনো সদাশয় লোকে যমুনাক সহায়ৰ হাত আগবঢ়াব বিচাৰিলে ৯১২৭৪-১৮৭১৬ নম্বৰত যোগাযোগ কৰিব পাৰে।