ডিজিটেল ডেস্কঃ মৰণফান্দলৈ পৰ্যৱসিত হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ ১০০ খন দলং। চলন্ত বাহন ভৰ সহিব নোৱাৰা হৈছে তাহানিতে নিৰ্মিত দলঙে।

যাৰ বাবে ঘনীভূত হৈছে ভয়াৱহ দুৰ্ঘটনাৰ আশংকা। স্থলপথ যাতায়াত উন্নীতকৰণৰ বাবে ব্যাপক আঁচনিৰ মাজতে প্ৰকাশ পাইছে এই সংবাদ।

সংসদত দেশৰ অসামৰিক পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সম্প্ৰতি ভিন্ন প্ৰান্তৰ ১.৬ লাখ দলঙৰ অৱস্থাৰ পুনৰীক্ষণ কৰা হৈছে। মন্ত্ৰণালয়ৰ বিশেষজ্ঞই সেতুসমূহৰ বহন ক্ষমতাৰো নীৰিক্ষণ কৰিছিল।

এই পৰ্যবেক্ষণত প্ৰকাশ পোৱা অনুসৰি ব্ৰিটিছ শাসনকালত নিৰ্মিত ১০০ খন দলঙৰ অৱস্থা এতিয়া জৰাজীৰ্ণ। দেশৰ ভিন্ন প্ৰান্তত থকা দলঙসমূহ যিকোনো মুহূৰ্ততে ভাঙি পৰিব পাৰে। তথ্যমৰ্মে বিধ্বস্ত সেতুৰ তালিকাত আছে অসমৰো কেবাখনো প্ৰাচীন দলং।

উল্লেখ্য যে দিনদিয়েক পূৰ্বে নাগালেণ্ডৰ ডিমাপুৰত সামান্য বানতে গাড়ীসহ উটি গৈছিল এখন দলং। ফলত গাড়ীখনত থকা ৪জন লোক থিতাতে নিহত হৈছিল। একেদৰে মহাৰাষ্ট্ৰটো কিছুদিন পূৰ্বে খহি পৰিছিল এখন ঐতিহাসিক দলং। 

ইফালে মন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰী কৰাৰ পিছতে ভাৰতৰ আন্তঃগাথনিক লৈ উপলুঙাসূচক বাতৰি পৰিৱেশন কৰিছে চীনৰ সংবাদ মাধ্যমে। মঙললৈ যাব খোজা ভাৰতৰ গাড়ী চলাবলৈকে সূচল বাট-পথেই নাই বুলিও ভাৰতক কটাক্ষ কৰিছে চীনৰ কেবাজনো ব্লগাৰে।