newsnextone.com।টীয়কঃ যোৰহাট জিলাৰ টীয়কৰ অন্যতম অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান অৰুনোদয় ক্লাবৰ উদ্যোগত তথা সমূহ টীয়কবাসী ৰাইজৰ সহযোগত অহা ৩ চেপ্তেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস উদযাপনৰ প্ৰস্তুতি পূৰ্ণ গতিত চলাই থকা হৈছে।
অহা সোমবাৰে পুৱা ৫ বজাত দৌৰবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ উপলক্ষ্যত তথা বিশ্ব শান্তিৰ অৰ্থে এক দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। টীয়কৰ পুৰণা বেংক তিনিআলিৰ পৰা আৰম্ভ হ’বলগীয়া এই দৌৰ ৰজাবাৰী হৈ মুদৈজানেৰে ওলাই চেলেংহাট পথস্থিত ক্লাবৰ কাৰ্যালয়ৰ সন্মুখত সমাপ্ত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।