newsnextone.com। শিৱসাগৰঃ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো অভিৰুচি দিৱস উদযাপন কৰা হয় শিৱসাগৰত। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত উলহ-মালহেৰে পালন কৰা হয়।

শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ সমীপৰ ৰংপুৰজ্যোতি ক্লাৱত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো উদযাপন কৰাৰ লগতে শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামৰ পথটো অৰ্জুন ভোগেশ্বৰ বৰুৱা পথ বুলি নামকৰণ কৰা হয়। এই উদ্দেশ্য শিৱসাগৰ জিলা প্ৰশাসনক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে সমূহ ক্রীড়াপ্রেমী ৰাইজে।