লালুকঃ উন্নয়ণৰ প্ৰতিশ্ৰুতি দি দিছপুৰৰ গাদী দখল কৰা মিত্ৰ জোঁটৰ চৰকাৰৰ বিৰুদ্ধে এতিয়া ৰাইজে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷ পথৰ উন্নয়ণ, দলং নিৰ্মাণ, খোৱাপানী যোগান, শিক্ষা, স্বাস্থ্য সেৱাৰ উন্নয়ণৰ বাবে প্ৰতি দিনেই প্ৰতিবাদ কৰিব লগা হৈছে ৰাইজে৷
প্ৰতিবাদ নকৰিলে যেন চৰকাৰে গমেই নাপায় উন্নয়ণ যে কৰিব লাগিব৷ তাৰ মাজতে, লখিমপুৰৰ পাঁচনৈত পথৰ দুৰৱস্থাৰ ফলত অতিষ্ঠ কেইবা খনো গাঁৱৰ লোকে সোমবাৰে পুৱাই ওলাই আহিল ৰাজ পথলৈ৷ লখিমপুৰৰ পাঁচনৈত ৪খন গাঁৱৰ ৰাইজে ৰাজ পথলৈ ওলাই আহি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।