82
নামৰূপঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ তথা বৈষ্ণৱ পণ্ডিত কমলাকান্ত গগৈক বৃহস্পতিবাৰে নামৰূপ মহাবিদ্যালয়ৰ তৰফৰপৰা সম্বৰ্ধনা জনোৱা হয়।
এই উপলক্ষে মহাবিদ্যালয় চৌহদত আয়োজিত সভাত পদাধিকাৰ গগৈয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি নৈতিক শিক্ষা আৰু শিক্ষাৰ্থীৰ কৰণীয় সন্দৰ্ভত এক মূল্যৱান ভাষণ আগবঢ়ায়।