ডিজিটেল ডেক্সঃ এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত সোমবাৰে বিয়লি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ভিন্ন ক্ষেত্ৰৰ ৪১গৰাকী লোকক পদ্ম সন্মান প্ৰদান কৰে। খেল জগতৰ প্ৰাক্তন ভাৰতীয় স্কিপাৰ মহেন্দ্ৰ সিং ধোনী আৰু বিলিয়াৰ্ড চেম্পিয়ন পংকজ আদৱানিয়ে ৰাষ্ট্ৰপতিৰ পৰা পদ্ম ভূষণ সন্মান গ্ৰহণ কৰে। ৱেইটলিফটাৰ ছাইখম মীৰাবাই চনু আৰু এছিয়ান গেমছত সোণৰ পদক বিজয়ী টেনিছ খেলুৱৈ সোমদেৱ দেৱবাৰ্মাক পদ্মশ্ৰী সন্মান যচা হয়।
#WATCH Billiards player Pankaj Advani and Cricketer MS Dhoni conferred with Padma Bhushan by President Ram Nath Kovind at Rashtrapati Bhawan in Delhi pic.twitter.com/XgPTHWsxBl