Home দেশএতিয়াও কাশ্মীৰতে আছে পেহেলগাম আক্ৰমণৰ অভিযুক্ত সন্ত্ৰাসবাদী

এতিয়াও কাশ্মীৰতে আছে পেহেলগাম আক্ৰমণৰ অভিযুক্ত সন্ত্ৰাসবাদী

by News Desk
A+A-
Reset
baisaran

শ্ৰীনগৰ: এতিয়াও কাশ্মীৰতে আত্মগোপন কৰি আছে পেহেলগাম আক্ৰমণৰ অভিযুক্ত সন্ত্ৰাসবাদী। এই দাবী কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা নিয়াই। সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, সন্ত্ৰাসবাদী সকল এতিয়াও পাকিস্তানলৈ পলায়ন কৰা নাই। তদন্তকাৰীৰ মতে, আক্ৰমণকাৰীসকল এতিয়াও কাশ্মীৰৰ গভীৰ অৰণ্যত আত্মগোপন কৰি আছে আৰু এই সময়ত সন্ত্ৰাসবাদীসকলৰ লগত আছে ৰেচন-পানীও। উল্লেখ্য যে, ২২ এপ্ৰিলত বৈছাৰণ মেড’ত সংঘটিত ভয়ানক আক্ৰমণত ২৬জন নিৰীহ লোক নিহত হৈছিল।

চোৰাংচোৱা তথ্য অনুসৰি এই ঘটনাৰ লগত জড়িত চাৰিজন উগ্ৰবাদীৰ ভিতৰত দুজন পাকিস্তানী আৰু দুজন কাশ্মীৰৰ বাসিন্দা। ইতিমধ্যে নিৰাপত্তা বাহিনীয়ে অভিযুক্তৰ স্কেচ্চ প্ৰকাশ কৰিছে। আদিল নামৰ এজন উগ্ৰবাদীৰ নামো এই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে প্ৰকাশ পাইছে। তদন্তকাৰীৰ মতে, পাকিস্তানী সন্ত্ৰাসবাদীক আক্ৰমণস্থলীলৈ লৈ গৈছিল আদিলে। নিয়াৰ সূত্ৰ অনুসৰি এই চাৰি উগ্ৰবাদী বৰ্তমান দক্ষিণ কাশ্মীৰৰ গভীৰ অৰণ্যত কোনো বাহ্যিক সহায় অবিহনে আত্মগোপন কৰি আছে। আনহাতে, যদিও অঞ্চলটোত আন কেইবাজনো উগ্ৰবাদী আছে, তথাপিও তেওঁলোকে মূল আক্ৰমণকাৰীৰ পৰা দূৰত্ব বজাই ৰাখিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0