Home দেশআজিও মুকলি আকাশৰ তলত পেহেলগামৰ ২৬ নিৰীহৰ হত্যাকাৰী

আজিও মুকলি আকাশৰ তলত পেহেলগামৰ ২৬ নিৰীহৰ হত্যাকাৰী

by News Desk
A+A-
Reset
1 pahalgam

নতুন দিল্লী: ১২ দিন অতিক্ৰম কৰিলে পেহেলগামৰ নৃশংস আক্ৰমণে! কিন্তু আজিও মুকলি আকাশৰ তলত সেই ২৬ নিৰীহৰ হত্যাকাৰী! ধৈৰ্য্যৰ বান্ধ ছিঙিছে, এই মুহূৰ্তত দেশজুৰি উঠিছে ক্ষোভৰ উদগীৰণ। এই আক্ৰমণৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে দেশজুৰি উত্থাপন হৈছে এটা প্ৰশ্নৰ- আৰু কিমান দিন? আৰু সেই প্ৰশ্নৰ উত্তৰ বিচাৰিয়ে যেন প্ৰধানমন্ত্ৰী ইখনৰ পিছত সিখন উচ্চ পৰ্যায়ৰ বৈঠকত ব্যস্ত হৈ পৰিছে। সেনাবাহিনীও সাজু হৈছে।

সীমান্তত অনুশীলন আৰম্ভ হৈছে, অস্ত্ৰ কাৰখানাত বন্ধৰ দিন বাতিল কৰা হৈছে- মুঠতে যুদ্ধৰ পূৰ্বাভাস ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিছে। কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ সৈতে শনিবাৰে নিশা প্ৰধানমন্ত্ৰীয়ে জৰুৰী বৈঠকত মিলিত হয়। যদিও সেই বৈঠকৰ সবিশেষ অতি গোপনীয় কৰি ৰখা হৈছে, তথাপিও জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা আৰু সীমান্ত পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হৈছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে। দেওবাৰে পুৱা প্ৰধানমন্ত্ৰীয়ে এয়াৰ চিফ মাৰ্শ্বাল অমলপ্ৰীত সিং আৰু অন্যান্য শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। পাকিস্তান সীমান্তত বায়ুসেনাৰ সক্ৰিয় অনুশীলনৰ মাজতে এই বৈঠক যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি প্ৰতিৰক্ষা বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0