ডিজিটেল ডেস্কঃ পুনৰ যুদ্ধ বিৰতি চুক্তি উলংঘন কৰিলে পাকিস্তানে৷ জম্মু কাশ্মীৰৰ আন্তঃ ৰাষ্ট্ৰীয় সীমান্তৰ এলোপাথাৰিত পাকিস্তানৰ সেনাৰ গুলীত পাণ হেৰুৱালে দুগৰাকী সাধাৰণ নাৰগিকে৷ শুকুৰবাৰে পুৱাই পাকিস্তানে সীমান্তৰ ভাৰতৰ জনবসতি এলেকাক লক্ষ্য কৰি নিৰ্বিচাৰ গুলী চালনা কৰে৷
জম্মু কাশ্মীৰৰ আৰ এছপূৰা ছেক্টৰত পাকিস্তানৰ সেনাৰ গুলীত দুগৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে ৩গৰাকী লোক গুৰুতৰ ভাৱে আহত হয়৷ আনহাতে পাকিস্তানৰ সেনাক যোগ্য প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাই৷ পুৱাৰে পৰা দুয়ো পক্ষৰ মাজত লগা গুলীয়াগুলী বহু সময় অব্যাহত আছিল৷