পুঞ্চঃ পুনৰাই যুদ্ধবিৰতি উলংঘা কৰি ভাৰতীয় সীমান্তত পাকি সেনাৰ মৰ্টাৰৰে কৰা আক্ৰমণত আহত হৈছে এজন ভাৰতীয় জোৱান। দেওবাৰে সীমান্তৰ সমীপৱৰ্তী জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ কৃষ্ণা ঘাটিত বিনা প্ৰৰোচনাই আচম্বিতে আক্ৰমণ চলায় পাক সেনাই। দিনৰ দুপৰীয়াৰ ভাগত হোৱা এই আক্ৰমণত এটা ৮২ মিলিমিটাৰৰ মৰ্টাৰ এৰে পাক সেনাই। ইয়াৰ কঢ়া উত্তৰ দিয়া হ’ব বুলি ভাৰতীয় সেনাৰ মুৰব্বীয়ে সংবাদ মাধ্যমক জনাইছে।