newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাই সময়ে সময়ে মানৱতাৰ পৰিচয় দি আহিছে৷ যাৰ বাবে আজি প্ৰত্যেক গৰাকী ভাৰতীয়ই ভাৰতীয় সেনাক লৈ গৰ্ব কৰে৷ সীমান্তত পহৰা দি অচিন শত্ৰুৰ পৰা দেশখনক সুৰক্ষা প্ৰদান কৰাই নহয়, দৰিদ্ৰক সাহায্য় প্ৰদান কৰি, অসহায়ক সহায় কৰি কেইবাৰো ভাৰতীয় সেনাই নিজৰ বিশাল মানসিকতাৰ পৰিচয় দিবলৈ ইতিমধ্যেই সক্ষম হৈছে৷
এগৰাকী পাকিস্তানী কিশোৰক নিজ দেশলৈ উভটাই পঠিয়াই পুনৰ এবাৰ ভাৰতীয় সেনাৰ মহানতাৰ পৰিচয় দিছে৷ যোৱা ২০ জুনত পাকিস্তানৰ অধিকৃত কাশ্মীৰৰ এজন কিশোৰ অনিচ্ছাকৃত ভাৱে উপস্থিত হৈছিল জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত৷