প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাই সময়ে সময়ে মানৱতাৰ পৰিচয় দি আহিছে৷ যাৰ বাবে আজি প্ৰত্যেক গৰাকী ভাৰতীয়ই ভাৰতীয় সেনাক লৈ গৰ্ব কৰে৷ সীমান্তত পহৰা দি অচিন শত্ৰুৰ পৰা দেশখনক সুৰক্ষা প্ৰদান কৰাই নহয়, দৰিদ্ৰক সাহায্য় প্ৰদান কৰি, অসহায়ক সহায় কৰি কেইবাৰো ভাৰতীয় সেনাই নিজৰ বিশাল মানসিকতাৰ পৰিচয় দিবলৈ ইতিমধ্যেই সক্ষম হৈছে৷

এগৰাকী পাকিস্তানী কিশোৰক নিজ দেশলৈ উভটাই পঠিয়াই পুনৰ এবাৰ ভাৰতীয় সেনাৰ মহানতাৰ পৰিচয় দিছে৷ যোৱা ২০ জুনত পাকিস্তানৰ অধিকৃত কাশ্মীৰৰ এজন কিশোৰ অনিচ্ছাকৃত ভাৱে উপস্থিত হৈছিল জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত৷ 

বুধবাৰে কিশোৰটোক পাকিস্তান সেনাৰ হাতত অৰ্পণ কৰে ভাৰতীয় সেনা বাহিনীয়ে৷ কিশোৰটোক পাকিস্তানৰ হাতত অৰ্পণ কৰাৰ পূৰ্বে ভাৰতীয় সেনাই কিশোৰটোক নতুন পোছাক পিন্ধায় আৰু মিঠাইৰ টোপোলা উপহাৰ দিয়ে৷

সংবাদদাতা সংস্থা এএনআইৰ বাতৰি মতে, ২৪ জুনত পুঞ্চ জিলাৰ দেগৱোৱাৰ অঞ্চলত আৰক্ষীকে কৰায়ত্ব কৰে মহম্মদ আব্দুল্লা নামৰ কিশোৰ জনক৷ 

পিছত কিশোৰজনক সোধ পোছ চলোৱাত সেনা নিশ্চিত হয় যে সি অনিশ্চাকৃতভাৱে পথ ভুল কৰিহে তাত উপস্থিত হৈছে৷ ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে কিশোৰজনক নিজ ঘৰ পাকিস্তানলৈ উভটাই পঠোৱাৰ বাবে যাৱতীয় সকলো কাম-কাজ সমাপন কৰে৷ 

সেনা বাহিনীৰ মুখপাত্ৰই জনায়, মানবতাৰ খাতিৰত আৰু কিশোৰটোৰ কম বয়সৰ প্ৰতি লক্ষ্য কৰি আব্দুল্লাক তাৰ নিজ দেশলৈ উভটাই পঠিওৱা হৈছে৷ ভাৰতীয় সেনা বাহিনীয়ে সকলো সময়তে মানবতাক প্ৰাধান্য দি আহিছে৷ নিৰীহ নাগৰিক যি দেশৰেই নহওক, কিন্তু তেওঁলোকৰ ক্ষতি হোৱাটো ভাৰতীয় সেনাই নিবিচাৰে বুলিও মন্তব্য কৰে সেনাৰ মুখপাত্ৰগৰাকীয়ে৷