ডিজিটেল ডেস্কঃ পাকিস্তানৰ সামৰিক আদালতত ২০১৭ বৰ্ষৰ এপ্ৰিল মাহত 'গুপ্তচৰ’ হোৱাৰ অপৰাধৰ বাবে মৃত্যুদণ্ডৰে দণ্ডিত ভাৰতীয় নৌসেনা বাহিনীৰ বিষয়া কুলভূষণ যাদৱ সংক্ৰান্ত অনুসন্ধানত ভাৰতে সহযোগ নকৰাৰ অভিযোগ উত্থাপন কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনে।

পাক আদালতে যাদৱৰ পাৰপত্ৰ আৰু তেওঁৰ চাকৰি সংক্ৰান্ত সবিশেষ বিচাৰি ভাৰত চৰকাৰক অনুৰোধ জনাইছিল। যাদৱৰ ভাৰতীয় নৌসেনাৰ পৰা অৱসৰৰ নথি-পত্ৰৰ লগতে তেওঁ কেনেদৰে হুছেইন মুবাৰক পেটেলৰ পাৰপত্ৰ কেনেকৈ পালে সেই সকলো বিৱৰণি পাক চৰকাৰে বিচাৰিছিল যদিও ভাৰতে সেই সংক্ৰান্তত যোগাযোগ নকৰিলে বুলি শুকুৰবাৰে অভিযোগ উত্থাপন কৰি চুবুৰীয়া ৰাষ্ট্ৰখনে কয় যে এয়া অতি দুখৰ বিষয়।

৪৭ বৰ্ষীয় ভাৰতীয় নাগৰিক কুলভূষণ যাদৱক পাকিস্তানৰ এখন সামৰিক আদালতে সন্ত্ৰাসবাদ আৰু গুপ্তচৰ হোৱাৰ অপৰাধত চুড়ান্ত শাস্তিৰ ৰায়দান কৰিছিল। পাক আদালতৰ এনে একপক্ষীয় সিদ্ধান্তত ক্ষুণ্ণ ভাৰত চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ মে’ মাহত ইণ্টাৰনেশ্যনেল ক’ৰ্ট অব জাষ্টিচৰ মজিয়ালৈ লৈ গৈছিল। বিষয়টো নিষ্পত্তি নোহোৱালৈ কুলভূষণৰ চুড়ান্ত শাস্তি স্থগিত ৰাখিবলৈ আন্তৰাষ্ট্ৰীয় আদালতখনৰ ১০ জনীয়া বিচাৰপীঠখনে ৰায় দিছিল।

পাকিস্তানে দাবী কৰা মতে কুলভূষণে ২০১৬ বৰ্ষৰ ৩ মাৰ্চত ইৰান হৈ বেলুচিস্তানত প্ৰৱেশ কৰিছিল যদিও ভাৰতে এই কথা পোনচাটে অস্বীকাৰ কৰি কৈছিল যে ভাৰতীয় নৌসেনাৰ পৰা অৱসৰ লোৱাৰ পিছত ইৰানত ব্যৱসায়ী সূত্ৰে যোৱা কুলভূষণক ইৰানৰপৰাই অপহৰণ কৰি লৈ যোৱা হয়।