Printer-friendly version

 

ইছলামাবাদঃ জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পাছত পাকিস্তান খড়ৰ্গহস্ত হৈ ভাৰতৰ সৈতে সকলোধৰণৰ ব্যৱসায়িক সম্পৰ্ক ছেদ কৰে৷ কিন্তু এতিয়া বিপদত পৰিছে পাকিস্তান ৷ সলাবলগীয়া হৈছে সিদ্ধান্ত৷

 

চিকিৎসাৰ ক্ষেত্ৰত পাকিস্তান সদায় ভাৰতৰ ওপৰতে বহুখিনি নিৰ্ভৰশীল হৈ আহিছে৷ পাকিস্তানে ইতিমধ্যে ভাৰতৰ পৰা অহা ঔষধত লগোৱা নিষেধাজ্ঞা বাতিল কৰিছে৷ ভাৰতে পাকিস্তানলৈ ঔষধ পঠোৱা বন্ধ কৰাৰ ফলত কেঞ্চাৰ, হৃদৰোগ, এণ্টি ৰেবিজ, এণ্টিভেনিন ড্ৰাগছ, হেপেটাইটিছ আৰু লিভাৰকে ধৰি অন্যান্য অতি প্ৰয়োজনীয় ঔষধৰ নাটনি হোৱাত পাকিস্তান সন্মুখীন হৈছে তীব্ৰ সংকটৰ৷ বৈৰী দেশখনে ভাৰতৰ পৰা পুনৰ ঔষধৰ ক্ষেত্ৰত সহায় বিচৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

 

ইয়াৰ উপৰিও অন্যান্য ৰোগৰ ঔষধ প্ৰস্তুত কৰোতে প্ৰয়োজন হোৱা ৰাসায়নিক দ্ৰব্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ নাটনি হোৱাত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যথেষ্ট যুঁজ দিবলগীয়া হৈছে পাকিস্তান চৰকাৰে৷ উল্লেখ্য যে পাকিস্তানে মূল ঔষধৰ উপৰিও ঔষধ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কেঁচামাল আমদানি কৰে ভাৰতৰ পৰাই৷

 

পাকিস্তানে ভাৰতৰ উৎপাদন আৰু ব্যৱসায়িক সম্পৰ্কত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত দেশখনৰ ব্যৱসায়িক ক্ষেত্ৰখন অতি নিম্নগামী হৈ পৰিছে, বিশেষকৈ ঔষধৰ বজাৰখনত বেছিকৈ কুপ্ৰভাৱ পৰিছে৷ সেয়েহে সাতে-পাচে ভাবি পুনৰ ভাৰতৰ শৰণাপন্ন হোৱাটোৱেই সঠিক হ’ব বুলি ভাবিছে পাকিস্তানে৷ কিন্তু ভাৰতে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷