এইখন কাৰ দেশ? এই লৈ এতিয়া টুইট যুদ্ধ চলিছে দুই নেতাৰ মাজত। টুইট যুদ্ধখন অসমৰ বাবেও এইকাৰণে গুৰুত্বপূৰ্ণ যে যুদ্ধত ভাগ লোৱা দুই নেতাৰ এজন হৈছে অসমৰ।

 

কাৰ সৈতে অসমৰ কোন নেতাৰ টুইট যুদ্ধ?

 

এনআৰচি প্ৰসংগক লৈ টুইট যুদ্ধৰ সূচনা কৰা এই দুই নেতাৰ এজন হৈছে অল ইণ্ডিয়া মজলিছ-ঈ-ইত্তেহাদুল মুছলিমিন চমুকৈ এআইএমআইএমৰ মূৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেচি। দাক্ষিণাত্যৰ নেতাজনৰ সৈতে টুইট যুদ্ধত লিপ্ত অসমৰ নেতাজন হৈছে বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

 

কিয় এই টুইট যুদ্ধ?

 

এনআৰচিক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি ওৱেচিয়ে নিজৰ টুইটাৰ হেণ্ডলত লিখিছে, 'অসমত মুছলমানসকলক বাহিৰ কৰিবলৈ কিদৰে এনআৰচিক ব্যৱহাৰ কৰা হৈছে তাৰ এয়া মুকলি স্বীকাৰোক্তি।  প্ৰথমে এই জটিল প্ৰক্ৰিয়াত তথ্যপ্ৰমাণহীন লোককো অন্তৰ্ভুক্ত কৰাৰ পিছত এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যিকোনো মূল্যৰ বিনিময়ত হিন্দুসকলক ৰক্ষা কৰা হ’ব।’ ওৱেচিয়ে আৰু লিখিছে, 'ধৰ্মৰ আধাৰত কাকো নাগৰিকত্ব দিয়া উচিত নহয় আৰু নাগৰিকত্ব প্ৰত্যাহাৰ কৰাও অনুচিত।’ ওৱেচিৰ এই টুইটৰ পিছতে হিমন্ত বিশ্বয়ো প্ৰত্যুত্তৰ দিয়ে। এনেকৈয়ে আৰম্ভ হয় দুই নেতাৰ টুইট যুদ্ধ।

 

হিমন্তই কি প্ৰত্যুত্তৰ দিলে ওৱেচিক?

 

ওৱেচিৰ টুইটৰ উত্তৰত হিমন্ত বিশ্বই লিখিছে, 'যদি ভাৰতেই হিন্দুসকলক সুৰক্ষা নিদিয়ে তেন্তে দিব কোনে? পাকিস্তানে? আপুনি ইয়াৰ যিমানেই বিৰোধিতা নকৰক কিয় মহাশয়, ভাৰত সদায় বঞ্চিত হিন্দুসকলৰ ঘৰ হৈ থাকিব...।' 

 

যুদ্ধৰ ক্লাইমেক্স

 

হিমন্তৰ উত্তৰতে শাম নাকাটিল টুইট যুদ্ধৰ। ওৱেচিয়ে পুনৰ আন এক টুইটত লিখিলে, 'ভাৰতে প্ৰতিজন ভাৰতীয়ক সুৰক্ষা দিয়া উচিত, কেৱল হিন্দুসকলক নহয়। যিসকল টু নেশ্যন তত্বত বিশ্বাসী, তেওঁলোকে কেতিয়াও বুজি নাপাব যে এই দেশ কোনো এক অস্থা বা মান্যতাতকৈয়ো উৰ্ধত। সংবিধানে কৈছে যে ভাৰতে সকলো ধৰ্ম আৰু জাতিক সমান মৰ্যাদা প্ৰদান কৰিব। এইখন হিন্দু ৰাষ্ট্ৰ নহয়... আৰু কেতিয়াও হ’বও নোৱাৰে... ইনছাল্লাহ।’

 

ওৱেচিৰ এই টুইটৰ প্ৰত্যুত্তৰ দি হিমন্তই পুনৰ লিখিছে, 'মহাশয়, ভাৰত এক সভ্যতাহে, দেশ নহয়। যিকোনো দেশৰ ইতিহাস সংবিধানৰ সৈতে আৰম্ভ হয়, কিন্তু সভ্যতাৰ ইতিহাস অলেখ উপাদানেৰে আৰম্ভ হয়। ইণ্ডিয়া, অৰ্থাৎ ভাৰত... এয়া সদায় এক জীৱন্ত সভ্যতা আছিল আৰু হৈয়ে থাকিব। হিন্দুসকলৰ কথা যদি কোৱা হয় তেন্তে ৫০০০ বছৰতকৈয়ো অধিক আগৰে পৰা এয়া আমাৰ ঘৰ হৈ আহিছে।’

 

যুদ্ধত কাৰ জয় কাৰ পৰাজয়?

 

হিমন্ত বিশ্বই শেহতীয়া টুইট কৰাৰ পিছত ওৱেচিয়ে এই সন্দৰ্ভত বাতৰি লিখা পৰলৈ কোনো প্ৰত্যুত্তৰ দিয়া নাই। কিন্তু পূৰ্বৰ টুইটসমূহৰ প্ৰত্যুত্তৰ দিওতে লোৱা সময়ৰ ব্যৱধানলৈ চাই ওৱেচিয়ে পুনৰ 'ভাৰত এক সভ্যতাহে, দেশ নহয়...’ টুইটটোৰ প্ৰত্যুত্তৰ দিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। তালৈ চাই এই যুদ্ধত কাৰ জয় হ’ল কাৰ পৰাজয় হ’ল সেয়া এতিয়াই কৈ দিয়াতো তেনেই অসম্ভৱ!

 

দুই নেতাৰ যুদ্ধৰ ইতিহাস...

 

ওৱেচি আৰু হিমন্ত বিশ্বৰ মাজত টুইট যুদ্ধখনেই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও 'ইণ্ডিয়া টুডে’ৰ এক পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানত মুখামুখিকৈ বাকযুদ্ধত লিপ্ত হৈছিল দুই নেতা। যোৱা ১ মাৰ্চৰ উক্ত অনুষ্ঠানৰ প্ৰসংগ আছিল নাগৰিকত্ব সংশোধনী বিধেয়ক। অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ো ভাগ লৈছিল। 

 

অনুষ্ঠানটোত আকৰ্ষণীয় হৈ পৰিছিল হিমন্ত আৰু ওৱেচিৰ বাকযুদ্ধ। তীব্ৰ বাদানুবাদৰ অন্তত ওৱেচিৰ যুক্তিৰ ওচৰত সেও মানি হিমন্ত বিশ্ব শৰ্মাই একপ্ৰকাৰ মানি ল’বলৈ বাধ্য হৈছিল যে ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ।

 

উল্লেখ্য যে, এইবাৰো 'ইণ্ডিয়া টুডে’ নামৰ নিউজ চেনেলটোৰ অনুষ্ঠানৰ পৰাই সূত্ৰপাত ঘটে টুইট যুদ্ধৰ। এনআৰচি প্ৰংসগত চেনেলটোৱে অনুষ্ঠিত কৰা এক টকশ্ব’ত ভাগ লৈ হিমন্ত বিশ্বই কয় যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে এনআৰচিৰ পৰা বাদ পৰা হিন্দুসকলক বিদেশী ন্যায়াধীকৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব। উক্ত মন্তব্যৰ বিৰোধিতা কৰি উল্লিখিত টুইট কৰাৰ পিছতে আৰম্ভ হয় ওৱেচি-হিমন্তৰ এই টুইট যুদ্ধৰ।

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us