বিগত কিছুদিন ধৰি ফেচবুকত এটা পোষ্ট খুব শ্বেয়াৰ হৈ আছে। অসমতো সেই উদ্বেগ সৃষ্টিকাৰী পোষ্টটো একাংশ লোকে টাইমলাইনত শ্বেয়াৰ কৰা দেখা গৈছে। হিন্দু-মুছলিমৰ সংঘাত বৃদ্ধি কৰা এই পষ্টটো আপুনিও হয়তো দেখা পাইছে। ধৰ্মীয় সংঘাতৰ লগতে শৈক্ষিক ক্ষেত্ৰলৈও ভাবুকি কঢ়িয়াই অনা এই পোষ্টটোত প্ৰকৃততে কি লিখা আছিল! হিন্দী ভাষাত লিখা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টটো হৈছে এনে ধৰণৰ- ”সন্ত্ৰাসবাদীৰ নতুন ঘাটি এলাহাবাদ বিশ্ববিদ্যালয়। ইয়াৰে ২৫ জন হোষ্টেলৰ ছাত্ৰই বোমা নিৰ্মাণ কৰোতে হাতে-লোটে ধৰা পৰি গ্ৰেপ্তাৰ হয় আৰু ছীল কৰি দিয়া হয় ৫৮ টা কোঠা। ইমান ডাঙৰ ঘটনাটো মিডিয়াই ফ’কাছলে নানিলে কাৰণ ইয়াত এজনো মুছলিম ছাত্ৰৰ নাম নাছিল !” এই পষ্টটোৰ উপৰিও এটা ভিডিঅ’ও ভাইৰেল হৈছিল য’ত দেখিবলৈ পোৱা গৈছিল কেইজনমান যুৱকক কমাণ্ডোৰ পোছাক পৰিহিত কেইজনমান জোৱানে ধৰি নিয়াৰ দৃশ্য।