খজুৱতি উঠিলেও খজুৱাবলৈ ভয়। কিজানিবা পুলিচে আহি ধৰি নিয়েই! 'যন্ত্ৰণাত ৰাতি টোপনি নাহে। কেৱল কান্দো আৰু কান্দো। এনে লাগে যেন গাত কোনোৱে বিহ জলকীয়াহে সানি দিছে। এনেকৈ থকাতকৈ আমাক ভগৱানে মাৰি নিয়াই ভাল।’-ভয়াৰ্ত কণ্ঠে এইদৰে ক’লে এগৰাকী মহিলাই। মহিলাগৰাকীৰ কোলাত আছে এটি কেচুৱা। কান্দি কান্দি ভাগৰি পৰা কেচুৱাটিৰো একেই দশা। 

 

চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো হিলছ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ মহেন্দ্ৰগঞ্জ নামৰ অঞ্চলটোৰ এই দৃশ্য দেখি সহ্য নহ’ল এগৰাকী মহিলাৰ। স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে সক্ৰিয়ভাৱে সমাজসেৱাত জড়িত মহিলাগৰাকীয়ে ততালিকে বিষয়টো জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰে। কিন্তু  জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে ওলোটাই সমাজকৰ্মীগৰাকীক ভাবুকিহে প্ৰদান কৰে। এইগৰাকী মহিলা সমাজকৰ্মী হৈছে অসমৰ। নাম শ্ববনম মোহন ৰাজ। 

 

লোকৰ দুখত দুখী শ্ববনমনো কোন?

 

ভলণ্টেৰী এছ’চিয়েশ্যন ফৰ ছ’চিয়েল আপলিফ্টমেণ্ট চমুকৈ VASU নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ চিইঅ’ শ্ববনম গুৱাহাটীৰ বাসিন্দা। এই স্বেচ্ছাসেৱী সংস্থাটোৰ প্ৰতিষ্ঠা হৈছিল ২০০৩ চনত। তেতিয়াৰে পৰা শ্ববনমে স্বেচ্ছাসেৱী সংস্থাটোৰ জৰিয়তে অসমৰ লগতে চুবুৰীয়া মেঘালয়ৰ ভিন্ন প্ৰান্তত মহিলাসকলৰ আৰ্থ-সামাজিক বিকাশৰ হকে কাম কৰি আহিছে। এই কামৰ অংশ হিচাপে ভাৰত-বাংলাদেশ সীমান্তৰ পশ্চিম গাৰো হিলছৰো ভিন্ন স্থানত স্থানীয় লোকসকলক স্বনিয়োজনৰ প্ৰশিক্ষণ প্ৰদানকে ধৰি বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি আহিছে শ্ববনম আৰু তেওঁৰ টীমে।

 

মহেন্দ্ৰগঞ্জত অচিন চৰ্ম ৰোগৰ প্ৰাদুৰ্ভাৱ 

 

ভাৰত-বাংলাদেশ সীমান্তৰ এই অঞ্চলটোত সেৱা আগবঢ়াই থকাৰ সময়তে যোৱা ১৬ আগষ্টত এগৰাকী মহিলাৰ শৰীৰত এক অচিন চৰ্মৰোগ প্ৰত্যক্ষ কৰে শ্ববনম আৰু তেওঁৰ টীমে। মহিলাগৰাকীক সুধি জানিব পাৰে যে তেওঁৰ পৰিয়ালটোৰ আটাইকেইজন সদস্যই বিগত কিছুদিন ধৰি এই ৰোগত আক্ৰান্ত হৈছে। ভালদৰে অনুসন্ধান কৰাত পোহৰলৈ আহে যে একমাত্ৰ মহিলাগৰাকীৰ পৰিয়ালটোৱেই নহয়, অঞ্চলটোৰ প্ৰায় প্ৰতিটো পৰিয়ালেই অচিন ৰোগবিধৰ কবলত পৰিছে। 

 

NNOৰ সৈতে হোৱা বাৰ্তালাপত শ্ববনমে কয় যে অচিন ৰোগবিধৰ এনে ভয়াৱহতা স্বচক্ষে প্ৰত্যক্ষ কৰাৰ পিছত তেওঁ অকণো সময় থিৰেৰে থাকিব নোৱাৰিলে। লগে লগে তেওঁ বিষয়টো স্থানীয় প্ৰশাসনক অৱগত কৰে যদিও গুৰুত্ব দিয়াৰ পৰিৱৰ্তে সেয়া অস্বীকাৰহে কৰে। 

 

ছ’চিয়েল মিডিয়াত বিষয়টো প্ৰকাশ কৰাত মেঘালয়ৰ স্থানীয় সংবাদ মাধ্যমে বিষয়টো গুৰুত্বসহকাৰে লৈ বাতৰি পৰিৱেশন কৰাৰ পিছতে আন এক সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰে শ্ববনম। শ্বিলঙৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকততে বাতৰিটো প্ৰকাশ পোৱাত শ্ববনমৰ বিৰুদ্ধে খড়্গহস্ত হৈ পৰে পশ্চিম গাৰো হিলছ জিলাৰ উপায়ুক্ত ৰাম কুমাৰ এছ।

 

অসমৰ মহিলা সমাজকৰ্মীক মেঘালয়ত ভাবুকি

 

অচিন ৰোগত আক্ৰান্ত মহেন্দ্ৰগঞ্জবাসীৰ দুখ-যন্ত্ৰণা সহিব নোৱাৰি চৰকাৰ-প্ৰশাসনক সহায়ৰ বাবে আগভাগ লোৱা অসমৰ মহিলা সমাজকৰ্মীগৰাকীক প্ৰশংসা কৰাৰ পৰিৱৰ্তে ভৎৰ্সনাহে কৰে পশ্চিম গাৰো হিলছ জিলা প্ৰশাসনে। উপায়ুক্ত ৰাম কুমাৰ এছে অচিন ৰোগৰ প্ৰাদুৰ্ভাবৰ বাতৰিটো সম্পূৰ্ণ মিছা বুলি দাবী কৰাৰ লগতে শ্ববনমৰ সৈতে যোগাযোগ কৰে। উপায়ুক্তগৰাকীয়ে শ্ববনমক সংবাদ মাধ্যমৰ সমুখত বাতৰিটো অসত্য বুলি ক’বলৈ হেঁচা প্ৰদান কৰে। যদিহে বাতৰিটো অসত্য বুলি নকয় তেন্তে ফেক নিউজ বিয়পোৱাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰো ভাবুকি প্ৰদান কৰে। 

 

'মই আচৰিত হৈ পৰিলো। তেওঁলোকে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে মোৰ বিৰুদ্ধেহে উঠি-পৰি লাগিল। মোৰ মুখ বন্ধ কৰিলে জানো মানুহবোৰৰ যন্ত্ৰণাৰ উপশম হ’ব। মই উপায়ুক্তগৰাকীৰ ভাবুকিত মুঠেই ভয় খোৱা নাই। কিন্তু মোৰ চিন্তা হৈছে মানুহখিনিক লৈ। মোৰেই যদি মুখ বন্ধৰ চেষ্টা কৰিছে তেন্তে সহজ-সৰল হোজা মানুহখিনিক কি নকৰিব সেয়া ভাবিহে ভয় খাইছো।’-NNOক এইদৰে কয় শ্ববনমে। 

 

'উপায়ুক্তই মোৰ মুখ বন্ধ কৰিবলৈ গোচৰৰ ভাবুকি দিলে। মিডিয়াৰ আগতো ক’লে যে মহেন্দ্ৰগঞ্জত অচিন চৰ্ম ৰোগ বিয়পিছে বুলি একাংশ লোকে উৰাবাতৰি বিয়পাইছে আৰু তেনে লোকৰ বিৰুদ্ধে জিলা প্ৰশাসনে গোচৰ ৰুজু কৰিব। গোচৰটো পিছে ৰুজু কৰিলে নে নাই নাজানো। কিন্তু মোৰ বিৰুদ্ধে যিখিনি কৰিলে সেয়া সঁচাকৈয়ে আশ্চৰ্যকৰ।’- শ্ববনমে কয়।

 

মহেন্দ্ৰগঞ্জবাসীৰ সৈতে অসমৰ সমাজকৰ্মী শ্ববনম

♦ মহেন্দ্ৰগঞ্জবাসীৰ সৈতে সমাজকৰ্মী শ্ববনম

 

এতিয়াও যন্ত্ৰণাত ছটফটাইছে মহেন্দ্ৰগঞ্জবাসীয়ে

 

জিলা প্ৰশাসনৰ এনে হেমাহিৰ পিছত বিষয়তো ৰাজ্যৰ স্বাস্থ্য বিভাগক অৱগত কৰা হয়। স্বাস্থ্য বিভাগৰ তৰফৰ পৰা লোকসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা বুলি কোৱা হৈছে যদিও বৰ্তমানো মহেন্দ্ৰগঞ্জবাসীয়ে যন্ত্ৰণাতে দিন-ৰাতি পাৰ কৰিবলগীয়া হৈছে। কমিউনিটি হেল্প চেণ্টাৰৰ ব্যৱস্থা কৰা হৈছে যদিও তাত চৰ্মৰোগ বিশেষজ্ঞ নথকাত সেয়া থকা নথকা একেই হৈ পৰিছে। আনহাতে জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগেও বিষয়টোক গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উঠিছে। অৱস্থাসম্পন্ন দুই-এজনে কোচবিহাৰলৈ গৈ চিকিৎসাৰ ব্যৱস্থা কৰিছে যদিও অধিকাংশ লোক দৰিদ্ৰ আৰু নিৰক্ষৰ হোৱা বাবে গাৰ বেমাৰ গাতেই লৈ থাকিবলৈ বাধ্য হৈ পৰিছে।

 

ইফালে, প্ৰশাসনে বিষয়টো সংবাদ মাধ্যমৰ পৰা গাপ দি ৰাখিবলৈ চেষ্টা চলোৱাৰ ফলতো সমস্যাৰ সন্মুখীন হ'বলগীয়াত পৰিছে স্থানীয় লোকসকল। 'মিডিয়াৰ আগত যাতে কোনোৱে মুখ নোখোলে তাৰ বাবেও ব্যৱস্থা কৰিছে প্ৰশাসনে। পৰিস্থিতি এনে হৈ পৰিছে যে সেই সহজ-সৰল লোকসকলে খজুৱতি উঠিলেও খজুৱাবলৈকে ভয় কৰা হৈছে। মোক বহুতে আহি সুধিছে যে বাইদেউ ৰাস্তাত পুলিচে দেখাকৈ খজুৱালে ধৰি নিব নেকি!'-শ্ববনমৰ ক্ষোভ মিহলি মন্তব্য। 

 

স্বচ্ছ ভাৰত অভিযান, এনআৰএইছএমে ঢুকি নোপোৱা ঠাইখন

 

স্বচ্ছ ভাৰত অভিযানৰ নামত চৰকাৰে কোটি কোটি টকা খৰছ কৰিছে যদিও চৰম অস্বাস্থ্যকৰ আৰু অস্বচ্ছ পৰিৱেশত দিন কটাবলৈ বাধ্য হৈ আহিছে মেঘালয়ৰ মহেন্দ্ৰগঞ্জবাসী। গাঁওবাসীয়ে বিশুদ্ধ খোৱাপানীৰ অভাৱত নৈ-নিজৰা আৰু নাদৰ পানীকে খাই আহিছে। একেধৰে গা ধোৱা আৰু কাপোৰ ধোৱাতো লেতেৰা পানীয়েই ব্যৱহাৰ কৰে অধিকাংশ লোকে। সচেতনতাৰ অভাৱৰ লগতে আৰ্থিক অৱস্থা তথৈবচ হোৱা বাবে আন ব্যৱস্থা কৰি ল’বলৈকো তেওঁলোক অসমৰ্থ। ইমানৰ পিছতো অচিন চৰ্মৰোগৰ বাবে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে নিজৰ ব্যৰ্থতা লুকুৱাবলৈ গাঁওবাসীক লেতেৰা আৰু অপৰিষ্কাৰ-অপৰিচ্ছন্ন আখ্যা দিবলৈ উঠি-পৰি লাগিছে।

 

'স্বচ্ছ ভাৰত অভিযান কাৰ বাবে? যদি ভিতৰুৱা অঞ্চলসমূহৰ জনসাধাৰণে আঁচনিবোৰৰ সুবিধা লাভেই নকৰে তাৰ পিছত উক্ত আঁচনিক ব্যৰ্থ বুলি ক’লে চৰকাৰ আৰু বৰমূৰীয়াসকলে কিয় মানি ল’বলৈ টান পাই? যদিহে স্বচ্ছ ভাৰত অভিযান আঁচনিয়ে এই অঞ্চলটো সামৰি ল’লেহেতেন তেন্তে লোকসকলে এনেদৰে জীয়াতু ভুগিবলগীয়া নহ’লহেতেন।’- স্বচ্ছ ভাৰতৰ লগতে এনআৰএইছএমৰ দৰে আঁচনিয়ো উক্ত অঞ্চলত প্ৰহসনত পৰিণত হৈছে বুলি উল্লেখ কৰি এইদৰে ক্ষোভ ব্যক্ত কৰে দীৰ্ঘদিন ধৰি অঞ্চলটোত সমাজ সেৱা আগবঢ়াই অহা অসমৰ মহিলা সমাজকৰ্মী শ্ববনমে। 

 

অসমবাসীৰ বাবেও বিপদজনক

 

স্থানীয় গাৰোসকলৰ লগতে বাংলাভাষী হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে বাস কৰা ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মেঘালয়ৰ মহেন্দ্ৰগঞ্জৰ পৰা অসমৰ মানকাচৰলৈ প্ৰায় ডেৰ ঘণ্টাৰ বাট। উক্ত অঞ্চলৰ পৰা বিভিন্ন কামত অসমলৈ বাছেৰে মানুহৰ আহ-যাহ চলিয়েই থাকে। যিহেতু চৰ্মৰোগ এজনৰ পৰা আন এজনলৈ বিয়পাৰ যথেষ্ট সম্ভাৱনা থাকে সেয়ে উক্ত ৰোগবিধ নিৰ্মূলৰ ক্ষেত্ৰত চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰ-প্ৰশাসনে গুৰুত্ব নিদিয়াতো অসমৰ বাবেও বিপদজনক। 

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us