ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহিদ খাকান আব্বাছীয়ে মষ্ট ৱান্টেড, ভাৰতৰ ২৬-১১ মাষ্টাৰ মাইণ্ড, মৌলবাদী নেতা হাফিজ ছৈয়দক হাফিজ ছৈয়দ চাহাব বুলি সম্বোধন কৰি তেওঁৰ বিৰুদ্ধে কোনা গোচৰ নাই বুলি স্পষ্ট কৰে৷ কেৱল ইমানে নহয় হাফি ছৈইদৰ বিৰুদ্ধে কোনো আইনি পদক্ষেপ গ্ৰহণ নকৰা বুলিও স্পষ্ট কৰি কোনো গোচৰ নাই বুলি স্পষ্ট কৰে৷
লাহোৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত গৃহবন্দি হৈ থকাৰ পিছত কিছুদিন পূৰ্বে মুকলি কৰি দিছিল আদালতে৷ এই সম্পৰ্কত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহিদ খাকান আব্বাছীয়ে পাকিস্তানৰ জিও টিভিত দিয়া এটি বিশেষ সাক্ষাৎকাৰত আৰু কয় ‘‘যাৰ বিৰুদ্ধে কোনো গোচৰ থাকে, তেওঁৰ বিৰুদ্ধে আইনি পদক্ষেপ গ্ৰহণ কৰা যায়’’৷ আনহাতে ভাৰতৰ সৈতে যুদ্ধ হোৱাৰ সম্ভৱনা নাই বুলি কৈ সকলো সময়ত আলোচনাৰ দৰ্জা খোলা আছে বুলি কৈ অহা বুলি উল্লেখ কৰে৷