89
ডিজিটেল ডেক্সঃ গোমূত্ৰৰে পবিত্ৰ কৰিব লগা হ’ল মন্দিৰ। দক্ষিণৰ চিনেমাজগতৰ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজে কৰ্ণাটকৰ ৰাঘবেন্দ্ৰ মন্দিৰৰ এক অনুষ্ঠানত উপস্থিত থাকি মঞ্চত ভাষণ প্ৰদান কৰাৰ বাবেই হিন্দুত্ববাদী সংগঠনে পবিত্ৰ কৰে মন্দিৰটো।
ভাষণ প্ৰসংগত অভিনেতা ৰাজে কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ হেগৰেক তীব্ৰ বাক্যবান কৰাৰ লগতে ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। তাৰ পিছতে ক্ষোভিত বিজেপি ভাতৃ সংগঠন যুৱ মৰ্চাৰ কৰ্মকৰ্তাই এই পন্থা অৱলম্বন কৰিব লগা হয়।