57
ডিজিটেল ডেস্কঃ ভাতৃ হিচাপে স্বীকৃতি দি নৰেন্দ্ৰ মোদীক যোৱা ২২ বছৰ ধৰি ৰাখী পিন্ধাই আহিছে এগৰাকী পাকিস্তানী মহিলাই। তেওঁৰ নাম কামাৰ মহছিন শ্বেইখ।
ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ভগ্নী হিচাপে গণ্য কৰা পাক মহিলাগৰাকী অৱশ্যে এতিয়া দিল্লীৰ বাসিন্দা। প্ৰায় দুই দশক পূৰ্বে বিবাহসূত্ৰে ভাৰতত কামাৰ মহছিনে থিতাপি লৈছিল।