গুৱাহাটীঃ নতুন মোৰ ল’লে গুৱাহাটীৰ এম পি জুৱেলাৰ্ছৰ লোমহৰ্ষক ডকাইতিয়ে। যোৱা ৮ মে’ৰ ফুট গধূলিতে এটা চাৰিজনীয়া দলে সংঘটিত কৰা এই ডকাইটি সংক্ৰান্তত জেৰা কৰাৰ পাছত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুখ্যাত ড্ৰাগছ মাফিয়া তথা ৰাজহ চোৰাংচোৱা বিষয়া তৰণ দত্ত হত্যাৰ নায়ক চামচুল হক তালুকদাৰ ওৰফে পাখি মিঞাক।
পূৰ্বৰ এক গোচৰত মহানগৰ আৰক্ষীয়ে আজি তেওঁক গ্ৰেপ্তাৰ কৰে৷ শুকুৰবাৰে ভঙাগড় আৰক্ষীয়ে এম পি জুৱেলাৰীৰ ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰি জেৰা কৰি আছিল পাখি মিঞাক৷ এম পি জুৱেলাৰীৰ ডকাইতি কাণ্ডত অস্ত্ৰ যোগান ধৰাৰ সন্দেহত আৰক্ষীয়ে আটক কৰি তদন্ত চলাই থকাৰ মাজতে আজি পূৰ্বৰ ড্ৰাগছ সৰবৰাহৰ এক গোচৰত তেওঁক বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷