ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ পুঞ্চ এলেকাৰ নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাক লক্ষ্য কৰি মঙলবাৰে নিশা পাকিস্তানৰ সেনাই গুলীচালনা কৰে৷ সেনাৰ পোষ্টক লক্ষ্য কৰি পাকিস্তানৰ সেনাই নিৰ্বিচৰ গুলীচলনা কৰাত এগৰাকী কেপ্তেইন আহত হয় বুলি জানিব পৰা গৈছে৷
নিৰাপত্তাৰক্ষীৰ মতে, পাকিস্তানৰ সেনাই সংঘৰ্ষ বিৰত চুক্তি উলাংঘন কৰি মঙলবাৰে নিশা গুলীচালনা কৰে৷ এলঅ’চিত সমীপত গুলীচালনা কৰাত ভাৰতীয় সেনাওঁ প্ৰত্যুত্তৰ দিয়ে৷ দেহত গুলী লগা কেপ্তেইনগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷
দুদিন পূৰ্বে ভাৰতীয় সেনাই চলোৱা অভিযানত পাকিস্তানৰ সেনাৰ মেজৰ সহ ৭গৰাকী সেনা জোৱান নিহত হৈছিল৷ তাৰ এদিন পিছতে পাকিস্তানৰ সেনাই সংঘৰ্ষ বিৰতি চুক্তি উলাংঘন কৰে৷ আনহাতে সীমান্ত এলেকাত পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাত বাছ সেৱা বন্ধ ৰখা হয়৷