ডিজিটেল ডেস্কঃ পাকিস্তানৰ জাতিৰ পিতা হিচাপে পৰিচিত ভাৰত বিভাজনৰ অন্যতম সূত্ৰধাৰ মহম্মদ আলী জিন্নাৰ ভাৰতৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত ফটো ৰখা বিষয়টোৱে দেশৰ ৰাজনীতি উত্তাল কৰি ৰখাৰ সময়তে বিহাৰৰ চৰকাৰী আঁচনিত পাকিস্তানৰ কন্যাক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে ফটো প্ৰকাশ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷
বিজেপি-জেডিইউয়ে শাসন কৰি থকা বিহাৰৰ জুমাই জিলাত চৰকাৰী আঁচনিত এগৰাকী পাকিস্তানৰ কিশোৰীক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে ফটো প্ৰকাশ পায়৷ জানিব পৰা মতে, বিহাৰৰ ৰাজধানী পাটনাৰ পৰা ১৬০ কিঃ মিঃ নিলগৰ জামুই জিলাত সংঘটিত হৈছে এই ঘটনা৷ ‘স্বচ্ছ জামুই সুস্থ জামুই’ নামৰ জিলা পৰ্যায়ৰ প্ৰকল্পৰ প্ৰচাৰৰ পৰা এখন বুকলেট প্ৰকাশ কৰে৷