newsnextone.com | ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মালম্বী লোক সকলে শনিবাৰে পালন কৰিছে পবিত্ৰ ঈদ-উল-ফিৎৰ৷ যাৰ বাবে মুছলমান লোকসকলৰ মাজত ব্যাপক উছাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে৷ পুৱাই ঈদ দৰগাহত নামাজ আদায় কৰি সকলোৱে প্ৰেম আৰু ভাতৃত্ববোধৰ দোৱা বিচৰা পৰিলক্ষিত হৈছে৷ কিন্তু ঈদৰ এই পবিত্ৰ ক্ষণতো নিজৰ নিকৃষ্ট চৰিত্ৰ লুকাই ৰাখিব নোৱাৰিলে ইছলাম ৰাজ্য হিচাপে পৰিচিত পাকিস্তানে৷
জম্মু-কাশ্মীৰত ঈদৰ আনন্দই সকলোৰে ওঁঠত হাঁহি বিৰিঙোৱাৰ মাজতে যুদ্ধ বিৰতী নীতি উলংঘন কৰি পুনৰ ভাৰতীয় সেনালৈ আক্ৰমণ চলায় পাকিস্তানী সেনাই৷ শনিবাৰে এলঅচিৰ নৌচেৰা আৰু আৰ্ণিয়া চেক্টৰত পাক সেনাই কৰা গুলিবৰ্ষণত এগৰাকী ভাৰতীয় সেনা নিহত হয়৷