ডিজিটেল ডেস্কঃ আমেৰিকাৰ ধমকিত সেও মানি ৫ বছৰৰ মূৰকত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিকক এৰিবলৈ বাধ্য হ’ল পাকিস্তানে৷ ট্ৰাম্প প্ৰশাসনে দিয়া ধমকিত তৰা নৰা ছিঙি এৰি দিলে পাকিস্তানত বন্দী যুক্তৰাষ্ট্ৰৰ নাগৰিকক৷ জানিব পৰা মতে, পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে বন্দী কৰি ৰাখিছিল যোৱা ৫ বছৰে আমেৰিকাৰ এগৰাকী মহিলা আৰু কানাডিয়ান স্বামীক৷
বৃহস্পতিবাৰে খোদ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওলোকক এৰি দিয়া বুলি প্ৰকাশ কৰাৰ লগতে এই খবৰ আমেৰিকাৰ সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ কৰে৷ট্ৰাম্পৰ ধমকিত যোৱা ৫ বছৰৰ অন্তত পাকিস্তানী সন্ত্ৰাসবাদীৰ হাতত বন্দী হৈ থকা স্বামী-স্ত্ৰীক অৱশেষত মুক্ত কৰিবলৈ বাধ্য হ’ল ইছলামাবাদে৷ তেওলোক বৰ্তমান নিৰাপদ বুলি কয় মাৰ্কিন প্ৰশাসনে৷