Home দেশচাৰি শতাধিক ড্ৰোনৰ সহায়ত ভাৰতৰ ৩৬টা স্থানত আক্ৰমণৰ পৰিকল্পনা কৰিছিল পাকিস্তানে: সংবাদমেলত সবিশেষ ক’লে বৈদেশিক সচিব বিক্ৰম মিশ্ৰিয়ে

চাৰি শতাধিক ড্ৰোনৰ সহায়ত ভাৰতৰ ৩৬টা স্থানত আক্ৰমণৰ পৰিকল্পনা কৰিছিল পাকিস্তানে: সংবাদমেলত সবিশেষ ক’লে বৈদেশিক সচিব বিক্ৰম মিশ্ৰিয়ে

by News Desk
A+A-
Reset
PTI05_07_2025_000087B

নতুন দিল্লী: সীমান্তৰ সিপাৰৰ পৰা ভাৰতত অগণি জ্বলাবলৈ উঠিপৰি লাগিছে পাকিস্তান। ভাৰতৰ ‘অপাৰেচন সিন্দূৰ’ৰ পিছত প্ৰতিশোধ ল’বলৈ হাহাকাৰ কৰি পাকিস্তান সেনাই ৮ আৰু ৯ মে’ৰ নিশা ভাৰতীয় সামৰিক ঘাটি আৰু সেনা শিবিৰত ৩০০-৪০০ ড্ৰোন আৰু মিছাইল আক্ৰমণ চলায়। অৱশ্যে পাকিস্তানৰ এই আক্ৰমণ প্ৰতিহত কৰে ভাৰতীয় সেনাই। জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সেনাই সংঘটিত কৰা গোলাবৰ্ষণত দুজন সেনা জোৱান শ্বহীদ হয়। এই আক্ৰমণত নিহত হৈছে দুজন সাধাৰণ নাগৰিকো। উল্লেখ্য যে, যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰত্যুত্তৰ স্বৰূপে ৭ মে’ৰ নিশা পাকিস্তানৰ বুকুত ‘অপাৰেচন সিন্দূৰ’ চলাই ৯টাকৈ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল ভাৰতে। ইয়াৰ পিছতে দুয়োখন দেশৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে, এতিয়া পূৰ্ণাংগ যুদ্ধৰ সম্ভাৱনাও বৃদ্ধি পাইছে। বৃহস্পতিবাৰে নিশা পাকিস্তানে লেহৰ পৰা ছাৰ ক্ৰিকলৈকে পশ্চিম সীমান্তত একাধিক আক্ৰমণ চলায়।

জম্মু-কাশ্মীৰৰ সাম্বা, আৰ এছ পুৰা, অৰ্ণিয়া, হিৰানগৰ খণ্ডত প্ৰচণ্ড গোলাবৰ্ষণ সংঘটিত কৰে পাক সেনাই। সাম্বাতো প্ৰচণ্ড আৰ্টিলাৰী গুলী আৰু ড্ৰোন আক্ৰমণৰ খবৰ পোৱা গৈছে। পাকিস্তানে জম্মু, পাঠানকোট, উধামপুৰ, জলন্ধৰ, অমৃতসৰত সামৰিক ঘাটিক লক্ষ্য কৰি ড্ৰোন আৰু মিছাইল নিক্ষেপ কৰে। ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই আঠটা ক্ষেপণাস্ত্ৰ আৰু একাধিক ড্ৰ’ন ধ্বংস কৰে। সূত্ৰই জনোৱা মতে, পাকিস্তানী এফ-১৬ যুঁজাৰু বিমান এখনো ভাৰতীয় বাহিনীয়ে গুলীয়াই ভূপতিত কৰে। গুজৰাটতো আটক কৰা হয় এখন পাকিস্তানী ড্ৰোন। ৰাজস্থানৰ জয়ছালমেৰত বিস্ফোৰণৰ শব্দ শুনা পোৱাৰ লগতে পাকিস্তানী ড্ৰোন ধ্বংস হোৱাৰ পিছত বোমা সদৃশ বস্তু উদ্ধাৰ হয়। পাকিস্তানৰ এই ধাৰাবাহিক আক্ৰমণৰ প্ৰচেষ্টা সন্দৰ্ভত শুকুৰবাৰে সংবাদমেল যোগে সৱিশেষ ব্যক্ত কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা বিভাগে। বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে ভাৰতে নিজৰ চহৰখনক আক্ৰমণ কৰাৰ বাবে তেওঁলোকক দোষাৰোপ কৰিছে বুলি পাকিস্তানে দাবী কৰাটো এক উন্মাদ কল্পনা আৰু মিছা অপপ্ৰচাৰ। তেওঁ কয় যে পাকিস্তানে ভাৰতে নানকনা চাহাব গুৰুদ্বাৰত ড্ৰোন আক্ৰমণ চলাইছিল বুলি দাবী কৰিছে, যিটো সম্পূৰ্ণ মিছা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0