ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰাক্তন নৌসেনা বিষয়া কুলভূষণ যাদৱক চোৰাংচোৱাগিৰিৰ অভিযোগত মৃত্যুদণ্ড বিহা কাৰ্যক তীব্ৰ নিন্দা কৰিছে মানৱাধিকাৰ সংস্থা এমনেষ্টি ইণ্টাৰনেশ্যনেলে। পাকিস্তানৰ সামৰিক আদালত সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি সংগঠনটোৱে মন্তব্য কৰিছে যে দেশখনে সম্পূৰ্ণৰূপে আন্তৰ্জাতিক নিয়ম-নীতিক উলংঘা কৰিছে। লগতে পাকিস্তানৰ বিচাৰ-ব্যৱস্থা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে সংস্থাটোৱে।
এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ দক্ষিণ এছিয়াৰ সঞ্চালক বিৰাজ পাটনায়কে এই সন্দৰ্ভত কয় যে, কুলভূষণ মৃত্যুদণ্ড বিহা কাৰ্যই দেশখনৰ সেনা আদালতে আন্তৰ্জাতিক মান তথা নীতি-নিয়ম একোকেই গুৰুত্ব নিদিয়াতো পুনৰবাৰ প্ৰমাণিত কৰিলে।