67
আজাৰাঃ চৰকাৰ আহে চৰকাৰ যায়। ঢাক-ঢোল বজোৱাৰ প্ৰতিযোগিতাত পিছ পৰি নাথাকে এখনো চৰকাৰ।চৰকাৰে যিমানেই ঢাক-ঢোল নবজাওক কিয় দৰিদ্ৰ লোকসকলক কিন্তু অভিলাষী আঁচনিবোৰে আজিও স্পৰ্শ কৰিব পৰা নাই।
এনে এক উদাহৰণ হৈছে পলাশবাৰীৰ এজন যুৱক। প্ৰায় দুমাহ পূৰ্বে পক্ষাঘাত অৰ্থাৎ পেৰেলাইছিছ ৰোগত আক্ৰান্ত হৈছিল পলাশবাৰী বিধানসভা সমষ্টিৰ দখলা নোৱাপাৰাৰ দিন-হাজিৰা কৰা গণেশ তালুকদাৰ নামৰ এই যুৱকজন।