বিশেষ প্ৰতিবেদনঃ আৰম্ভণিতে এটি কাহিনী! চালে চকুৰোৱা নৈ এখনৰ উপত্যকাজুৰি আছিল বিস্তৃত সেউজীয়াই দলিচা পাৰি দিয়া নিস্তব্ধ অৰণ্য। নাম আছিল মায়াবন। এই অৰণ্যখন আছিল অদেখা অনেক পক্ষী, বন্য জীৱ-জন্তু আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা কাহিনীৰ ঘৰ। আকাশমুখী পাহাৰ আৰু বৰষুণৰ গুণগুণনিয়ে সদায় জীপাল কৰি ৰাখিছিল অৰণ্যখনক।
কিন্তু… এদিন সুদূৰ দেশৰ পৰা অহা বিদেশী বিনিয়োগকাৰীৰ চকু পৰে এই অৰণ্যখনৰ ওপৰত। তেওঁলোকে ফুচফুচাই কথা পাতে অৰণ্যখন নিঃশেষ কৰি তাত আন এক গছ ৰোপণৰ। তেওঁলোকে ৰুব বিচৰা গছবোৰ সেউজীয়া নাছিল, আছিল সোণালী ৰঙৰ। সেই বিদেশী ব্যৱসায়ীসকলৰ সপোনে স্থানীয় লোকসকলৰ চকুতো সপোন আঁকিছিল। সেই সপোন আছিল চাকৰি, সমৃদ্ধি আৰু আধুনিকীকৰণৰ।