ডিজিটেল ডেস্কঃ কেন্দ্ৰ চৰকাৰে ইতিমধ্যে ১১.৪৪ লাখৰো অধিক পান কাৰ্ডৰ নম্বৰ নিষ্ক্ৰিয় কৰি পেলাইছে। দিনদিয়েক পূৰ্বে ৰাজ্যসভাত লিখিতভাৱে এই কথা জানিবলৈ দিছিল বিত্ত বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সন্তোষ কুমাৰ গংগাৱাৰে।
এজন ব্যক্তিৰ একাধিক পান নম্বৰ হোৱাৰ বাবেই এই পদক্ষেপ হাতত লৈছে চৰকাৰে। বিশেষকৈ ভুৱা পান কাৰ্ডৰ জৰিয়তে বিত্তীয় লেন-দেন অব্যাহত ৰখাৰ কথাটো পোহৰলৈ অহাৰ পিছতে অধিক সতৰ্ক হৈ পৰে চৰকাৰ আৰু আয়কৰ বিভাগ। সতৰ্কতা অৱলম্বন কৰি বিশেষ এপ্লিকেশ্যন ছফট’ৱেৰৰ জৰিয়তে এছেচিং অফিচাৰৰ সহায়ত বহু ভুৱা পান ডিলিট কৰি দিয়ে বিভাগীয় কৰ্তৃপক্ষই।