ডিজিটেল ডেস্কঃ কেন্দ্ৰ চৰকাৰে ইতিমধ্যে ১১.৪৪ লাখৰো অধিক পান কাৰ্ডৰ নম্বৰ নিষ্ক্ৰিয় কৰি পেলাইছে। দিনদিয়েক পূৰ্বে ৰাজ্যসভাত লিখিতভাৱে এই কথা জানিবলৈ দিছিল বিত্ত বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সন্তোষ কুমাৰ গংগাৱাৰে।

এজন ব্যক্তিৰ একাধিক পান নম্বৰ হোৱাৰ বাবেই এই পদক্ষেপ হাতত লৈছে চৰকাৰে। বিশেষকৈ ভুৱা পান কাৰ্ডৰ জৰিয়তে বিত্তীয় লেন-দেন অব্যাহত ৰখাৰ কথাটো পোহৰলৈ অহাৰ পিছতে অধিক সতৰ্ক হৈ পৰে চৰকাৰ আৰু আয়কৰ বিভাগ। সতৰ্কতা অৱলম্বন কৰি বিশেষ এপ্লিকেশ্যন ছফট’ৱেৰৰ জৰিয়তে এছেচিং অফিচাৰৰ সহায়ত বহু ভুৱা পান ডিলিট কৰি দিয়ে বিভাগীয় কৰ্তৃপক্ষই।

মন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছতে সৰ্বাসাধাৰণৰ মনত সৃষ্টি হৈছে আশংকাৰ। সকলোৰে মনত এটাই প্ৰশ্ন মোৰ কাৰ্ডখনো ভুলতে নিষ্ক্ৰিয় হৈ গ’ল নেকি? সি যি নহওক আপুনি এই লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই। আপোনাৰ পান কাৰ্ডখন সক্ৰিয় হৈ আছে নে নাই সেয়া নিজেই জানি ল’ব পাৰে। ইয়াৰ বাবে কেৱল তলত দিয়া ধৰণে আগবাঢ়িলেই হ’ল।

১। লগ অন কৰক www.incometaxindiaefiling.gov.in। তাৰ পিছত Click কৰক 'Know your PAN'ত। বাওফালে 'Services' লৈ গ’লেই পাব 'Know your PAN'।

২। 'Know your PAN'ত Click কৰিলেই আপুনি এটা পেজ পাব য’ত আপোনাৰ ব্যক্তিগত তথ্য যেনে নাম, জন্মৰ তাৰিখ, ফোন নং আদি বিচাৰিব।

৩। সকলো তথ্য দি ছাবমিট কৰিলেই আৰু এটি নতুন পেজ শ্ব’ কৰিব। তাত আপোনাৰ পঞ্জীকৃত মোবাইল নম্বৰলৈ ওৱান টাইম পাছৱৰ্ড (OTP) দিব লাগিব।

৪। OTP দিয়াৰ পিছত 'Validate'ত Click কৰক।

৫। যদি আপোনাৰ পান কাৰ্ডৰ তথ্যৰ কোনো খেলিমেলি নাই বা আন কোনোৱে আপোনাৰ তথ্য ব্যৱহাৰ কৰি দুই নম্বৰী পান কাৰ্ড উলিওৱা নাই তেন্তে শ্ব’ কৰা পেজটোত  'Active' বুলি দেখিবলৈ পাব।

৬। যদিহে আপোনাৰ তথ্য ব্যৱহাৰ কৰি কোনোৱে দুই নম্বৰী পান কাৰ্ড উলিয়াইছে বা আপুনি নিজেই একে তথ্যৰে দুই বা ততোধিক কাৰ্ড উলিয়াইছে তেন্তে এটা পপ-আপ মেছেজ দেখিবলৈ পাব। তাত আপোনাৰ পৰা আৰু অধিক তথ্য বিচাৰিব।

♦ অসমৰ লগতে দেশ-বিদেশৰ প্ৰতিটো বা-বাতৰিৰ বাবে সময় পালেই ভিজিট কৰক www.newsnextone.com। ♦